ETV Bharat / state

Hindu Yuba Chattra Parishad: লখিমপুৰত নিশা জামিনত মুকলি হৈ আহিল হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ তিনি নেতা - হিন্দু যুৱ ছাত্ৰ পৰিষদ

নিশা জামিনত মুক্তি লাভ কৰিলে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ তিনিজন নেতাই ৷ বুধবাৰে পৰিষদৰ উদ্যোগত অনুষ্ঠিত এক বৌদ্ধিক প্ৰশিক্ষণ শিবিৰত হোৱা সংঘাতৰ ফলত আৰক্ষীয়ে আটক কৰি অনা পৰিষদৰ তিনিজন নেতাক নিশা আৰক্ষীয়ে ব্যক্তিগত জামিনত মোকোলাই দিয়ে ৷

3 Hindu Yuba Chattra Parishad Leaders granted bail
হিন্দু যুৱ ছাত্ৰ পৰিষদ
author img

By

Published : Jul 20, 2023, 1:44 PM IST

জামিনত মুক্তি লাভ কৰিলে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ তিনিজন নেতাই

লখিমপুৰ, 20 জুলাই: অৱশেষত বুধবাৰে নিশা জামিনত মুক্তি লাভ কৰিলে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ তিনিজন নেতাই ৷ বুধবাৰে পৰিষদৰ উদ্যোগত অনুষ্ঠিত এক বৌদ্ধিক প্ৰশিক্ষণ শিবিৰত হোৱা এক সংঘাতৰ ফলত আৰক্ষীয়ে আটক কৰি অনা পৰিষদৰ তিনিজন নেতাক নিশা আৰক্ষীয়ে ব্যক্তিগত জামিনত মোকলাই দিয়ে ৷

নিশা লখিমপুৰ সদৰ থানাৰ পৰা আৰক্ষীয়ে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য, তিনিচুকীয়া জিলাৰ সভাপতি সূৰ্য ভট্টাচার্য, লখিমপুৰ জিলা সমিতিৰ সভাপতি যুগ্ম জ্যোতি দত্তক ব্যক্তিগত জামিনত মোকলাই দিয়ে আৰক্ষীয়ে ৷ তেওঁলোকৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰে ৷ সদৰ থানাত পঞ্জীয়ন হোৱা 212 নম্বৰৰ আৰু 158(এ) /143/342/353 ধাৰাৰ গোচৰ মৰ্মে তেওঁলোকক জামিন দিয়া হয় ৷ গোচৰটোৰ সংক্ৰান্তত 25 জুলাইত তেওঁলোকক পুনৰ সদৰ থানাত হাজিৰ হবলৈ নিৰ্দেশ দিয়া হৈছে ৷

আনহাতে জাকিৰ হুছেইন নামৰ যুৱক জনকো আৰক্ষীয়ে মোকোলাই দিয়া বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু বিশ্ব হিন্দু মহাসংঘৰ সহযোগত লখিমপুৰ নগৰৰ গোপী নগৰ কলনিত 17 জুলাইৰ পৰা এটা বৌদ্ধিক প্ৰশিক্ষণ শিবিৰ চলি আছিল ৷ 23 জুলাইলৈ চলিব লগীয়া এই শিবিৰটোত বুধবাৰে পুৱা বেলা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ সমীপৰে জাকিৰ হুছেইন নামৰ এজন যুৱকে তেওঁৰ ঘৰৰ চৌহদত থকা এখন পতাকা পৰিষদৰ সদস্যই ফালি পেলোৱা বুলি তৰ্কত লিপ্ত হয় ৷ এই লৈ ক্ৰমে পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে জাকিৰ হুছেইনসহ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য, লখিমপুৰ আৰু তিনিচুকীয়া জিলা সমিতিৰ সভাপতিদ্বয় যুগ্ম জ্যোতি দত্ত, সূৰ্য ভট্টাচার্যক আটক কৰি সদৰ থানালৈ নিয়ে ৷

তেওঁলোকক আটক কৰাৰ সময়ত পৰিষদৰ নেতৃত্ব আৰু আৰক্ষী অধীক্ষকৰ মাজত তৰ্কৰ সূচনা হয় ৷ আটকাধীন কেইজনক নিশালৈকে সদৰ থানাত আৱদ্ধ কৰি ৰখা হয় ৷ বিয়লি তেওঁলোকক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত পৰিষদৰ একাংশ সদস্যই সদৰ থানাত সন্মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আটকাধীন কেউজনক লৈ উৎকন্ঠা চলি থকাৰ পাছত অৱশেষত নিশা তেওঁলোকক আৰক্ষীয়ে পঞ্জীয়ন হোৱা গোচৰত ব্যক্তিগত জামিন দি মোকোলাই দিয়ে ৷ এই ঘটনাৰ পাছত পৰিষদে আজিৰে পৰা বৌদ্ধক প্ৰশিক্ষণ শিবিৰটো বন্ধ কৰি দিয়ে ৷

লগতে পঢ়ক : BERNIE BRIDGE CASE : বাৰ্ণি ব্ৰীজ গোচৰৰ মুখ্য অভিযুক্ত জুবেইৰ আহমেদক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.