ETV Bharat / state

HSLC Paper leak case: লখিমপুৰত ২ শিক্ষকসহ ৩ জনক গ্ৰেপ্তাৰ - Lakhimpur teacher arrested

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল গোচৰত আন ২ জন শিক্ষকক গ্ৰেপ্তাৰ (2 teacher arrested on HSLC paper leak)। গ্ৰেপ্তাৰ ডফলাকটা জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক পূৰ্ণকান্ত পেগু । একেখন বিদ্যালয়ৰে ঠিকা ভিত্তিক শিক্ষক জগন্নাথ পেগুক গ্ৰেপ্তাৰ । গাড়ীচালক এজনকো গ্ৰেপ্তাৰ ।

HSLC Paper leak case
লখিমপুৰত ২ শিক্ষকসহ ৩ জনক গ্ৰেপ্তাৰ
author img

By

Published : Mar 21, 2023, 2:23 PM IST

লখিমপুৰত ২ শিক্ষকসহ ৩ জনক গ্ৰেপ্তাৰ

লখিমপুৰ ২১ মাৰ্চ : ৰাজ্য কঁপোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে (HSLC paper leak case)। ইয়াৰ মাজতে আৰক্ষী আৰু চিআইডিয়ে তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে । প্ৰশ্নকাকত ফাদিলৰ অভিকেন্দ্ৰ লখিমপুৰ বুলি স্পষ্ট হোৱাৰ পাছতে আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে । ইয়াৰ মাজতে আৰক্ষীৰ জালত আন ৩ জন অভিযুক্ত (3 arrested in Lakhimpur on HSLC paper leak case)।

সোমবাৰে তিনিওজনকে আটক কৰি জেলা চলোৱা হৈছিল । পুৱাৰে পৰা লখিমপুৰ সদৰ থানাত জেৰা চলোৱাৰ অন্তত তেওঁলোকক দুপৰীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ লৈ যোৱা হয় । নিশা গ্ৰেপ্তাৰ হোৱা এই তিনিজনৰ ভিতৰত দুগৰাকী শিক্ষক (Another 2 teacher arrested on paper leak)। শিক্ষক দুগৰাকী হৈছে পূর্ণকান্ত পেগু আৰু জগন্নাথ পেগু । আনহাতে টুটু শৰ্মা নামৰ আন এজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । টুটু শৰ্মা গাড়ীচালক বুলি জানিব পৰা গৈছে ।

লখিমপুৰৰ আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিল কাণ্ডত গ্ৰেপ্তাৰ কৰা পূৰ্ণকান্ত পেগু ডফলাকটা জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক । আনহাতে জগন্নাথ পেগু একেখন বিদ্যালয়ৰে ঠিকা ভিত্তিক শিক্ষক বুলি জানিব পৰা গৈছে । তেওঁলোক আটাইকেইজন প্ৰশ্নকাকত ভাইৰেল কৰাত জড়িত আছিল বুলি জানিব পৰা গৈছে (Lakhimpur teacher arrested)।

স্বাস্থ্য পৰীক্ষাৰ পাছত সন্ধিয়ালৈ পুনৰ তেওঁলোকক লখিমপুৰ সদৰ থানাত চিআইডিয়ে জেৰা চলাব বুলি জানিব পৰা গৈছে । জেৰাৰ অন্তত তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ'ব আৰু নিশাৰ ভাগলৈ চিআইডিয়ে ধৃত লোককেইজনক গুৱাহাটীলৈ লৈ যোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে ইয়াৰ পূৰ্বে লোহিত খাবলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱ দত্তসহ ডফলাকটা হাইস্কুলৰ শিক্ষক কুমুদ ৰাজখোৱা আৰু প্ৰসন্ন দাসক গ্ৰেপ্তাৰ কৰা হৈছিল (Teacher involved in question paper leak case)। একেটা গোচৰতে কেইবাগৰাকী নাবালক ছাত্ৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক :ULFA demands money from MLA : বিধায়কক ধন দাবী সন্দৰ্ভত আলফাৰ স্পষ্টীকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.