ETV Bharat / state

লখিমপুৰৰ মথাউৰিত চাৰি বছৰে 12 টা পৰিয়ালৰ দুৰ্বিসহ জীৱন-যাপন - লখিমপুৰ জিলা

লখিমপুৰ জিলাৰ পশ্চিম তেলাহীৰ অন্তৰ্গত বনগাঁৱত ভয়ংকৰ জলপ্ৰলয়ৰ সৃষ্টি কৰিছিল ৷ সেই জল প্ৰলয়ত বহু লোকৰ ধ্বংস হৈছিল ঘৰ মাটি ভেটিৰ লগতে বিঘাই বিঘাই কৃষি ভূমি ৷ যোৱা চাৰিটা বছৰে পৰিয়াল কেইটাই মথাউৰিৰ ওপৰত এখন সাধাৰণ টিংৰ চালিৰ তলত দুৰ্বিসহ জীৱন পাৰ কৰিছে। দীৰ্ঘ দিনৰ পৰা চৰকাৰ তথা প্ৰশাসনৰ সাহায্যলৈ বাট চাই দিন অতিবাহিত কৰিছে পৰিয়াল কেইটায়।

ETV BHARAT
লখিমপুৰৰ মথাউৰিত চাৰি বছৰে 12 টা পৰিয়ালৰ দুৰ্বিসহ জীৱন-যাপন
author img

By

Published : May 16, 2020, 5:33 PM IST

নাওবৈচা, 16 মেঃ লখিমপুৰৰ পশ্চিম তেলাহীৰ বনগাঁৱৰ মথাউৰিত চাৰি বছৰে দুৰ্বিষহ জীৱন- যাপন ১২ টা পৰিয়ালৰ ৷ বছৰ- বছৰ ধৰি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত দুৰ্ভগীয়া পৰিয়াল কেইটা ৷ এমুঠি অন্নৰ বাবে হাহাকাৰ দুৰ্ভগীয়া পৰিয়ালকেইটাৰ ৷

লখিমপুৰৰ মথাউৰিত চাৰি বছৰে 12 টা পৰিয়ালৰ দুৰ্বিসহ জীৱন-যাপন

ৰঙানদীৰ সংহাৰী বানে ছুনামিৰ ৰূপ ধাৰণ কৰি বিগত ২০১৭ বৰ্ষত লখিমপুৰ জিলাৰ পশ্চিম তেলাহীৰ অন্তৰ্গত বনগাঁৱত ভয়ংকৰ জলপ্ৰলয়ৰ সৃষ্টি কৰিছিল ৷ সেই জল প্ৰলয়ত বহু লোকৰ ধ্বংস হৈছিল ঘৰ মাটি ভেটিৰ লগতে বিঘাই বিঘাই কৃষি ভূমি ৷ সেই জলপ্ৰলয়ত আপোন ঘৰ- বাৰী সম্পত্তি হেৰুৱাই নিঃশেষ হোৱা বনগাঁৱৰ বাৰটা পৰিয়ালে যোৱা চাৰিটা বছৰে মথাউৰীৰ ওপৰত যন্ত্ৰণাময় জীৱন অতিবাহিত কৰিছে। বিশেষকৈ সমগ্ৰ দেশজুৰি লক ডাউন চলি থকাৰ ফলত পৰিয়াল কেইটাই বৰ্তমান এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি হাকিবলগীয়া হৈছে। যোৱা চাৰিটা বছৰে পৰিয়াল কেইটাই মথাউৰিৰ ওপৰত এখন সাধাৰণ টিংৰ চালিৰ তলত দুৰ্বিসহ জীৱন পাৰ কৰিছে। সংহাৰী ৰঙানদীৰ বানে পৰিয়াল কেইটাৰ আপোন ঘৰ বাৰী , কৃষিভূমি , নিঃশেষ কৰাৰ পাছত মথাউৰীয়েই শেষ আশ্ৰয়স্থল হিছাপে বাছি লোৱাৰ পাছত দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছিল। কিন্তু ভূতৰ ওপৰত দানহ পৰাদি দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে কতো দিন হাজিৰা কৰিবলৈ নোপোৱা পৰিয়ালকেইটাৰ মাজত সম্প্ৰতি খাদ্য তীব্ৰ সংকটে দেখা দিছে। এই ভয়াবহ দুৰ্যোগৰ মুহূৰ্তত পৰিয়ালকেইটাৰ মাজত চৰকাৰী বিনামূলীয়া চাউল বিতৰণ কৰিছে যদিও তাতো দুৰ্নীতি হোৱাৰ কথা পৰিয়াল কেইটাই উল্লেখ কৰে। তদুপৰি মথাউৰিৰ ওপৰত বাস কৰি থকা দুৰ্দশাগ্ৰস্ত পৰিয়ালকেইটা দেখিলেই বুজিব পাৰি তেঁওলাকৰ মৰ্মবেদনা ।পৰিয়াল কেইটাৰ নাই শৌচাগাৰ,বিশুদ্ধ খোৱাপানীৰ সু ব্যৱস্থা। পানীৰ অভাৱত কাষেৰে বৈ যোৱা ৰঙানদীৰ বালিত গাত খান্দি সংগ্ৰহ কৰে খোৱাপানী। মুঠৰ ওপৰত বানত সকলো হেৰুৱাই পৰিয়াল কেইটাই নদীখনৰ বুকুলৈ চাই হুমুনিয়াহ কঢ়াৰ বাবে আৰু যেন একোৱেই উপায় নায়। এই সংকটৰ সময়ত সৰ্বহাৰা হোৱা পৰিয়াল কেইটাই চৰকাৰ তথা প্ৰশাসনৰ সাহায্যলৈ বাট চাই দিন অতিবাহিত কৰিছে । এতিয়া চৰকাৰ অথবা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষনীয় ৷

লগতে পঢ়ক- ৰাজ্যত পুনৰ দুজনকৈ কৰ'ণাত আক্ৰান্ত ব্যক্তি চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.