কোকৰাঝাৰ,19 জুনঃ 21 জুনত বিশ্বজুৰি পালন কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ ব্যতিক্ৰম নহয় কোকৰাঝাৰো ৷ কোকৰাঝাৰ প্ৰশাসন আৰু কোকৰাঝাৰ পতঞ্জলি যোগ সমিতিয়ে যৌথ ভাবে দিনজোৰা কাৰ্যসূচীৰে পালন কৰিব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷
কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয়বস্তু হ'ব 'climate action'। কোকৰাঝাৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত এই কথা অৱগত কৰে কোকৰাঝাৰ পতঞ্জলি যোগ সমিতি শাখাৰ সভাপতি মানুষ কুমাৰ মুচাহাৰীয়ে ৷ 21 জুনৰ পুৱা 6 বজাৰ পৰা আৰম্ভ হ'ব যোগ দিৱসৰ কাৰ্যসূচী ৷ অনুষ্ঠানত উপস্থিত থাকিব বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ৷