কোকৰাঝাৰ,3অক্টোবৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ জানিব পৰা মতে, কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৱৰ্তী পাকৰিগুৰী গাঁৱতো বন্যহস্তীৰ জাকে বিনষ্ট কৰিছে বহুকেইটা বাসগৃহৰ লগতে খেতি-পথাৰ ৷
![Wild elephant terror in Gossaigaon of Kokrajhar district](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9037016_pic.jpg)
ইপিনে বক্সা ব্যাঘ্ৰ প্ৰকল্পৰ ভলকা ৰেঞ্জৰ অন্তৰ্গত অঞ্চলটোত বন বিভাগৰ এটা দল উপস্থিত হৈ হাতী খেদিবলৈ চেষ্টা কৰে যদিও হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই ৷ তাকে লৈ এতিয়া আতংকিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷
লগতে পঢ়কঃআৰক্ষী অধীক্ষকৰ নামত ধন দাবী যুৱকৰ