ETV Bharat / state

গোঁসাইগাঁৱত বন্যহস্তীৰ তাণ্ডৱ, আহত সাংবাদিক - elephant terror

অসম-বংগ সীমান্তৰ গোঁসাইগাঁও মহকুমাৰ হাউৰিয়াপেট গাঁৱত বন্যহস্তীৰ তাণ্ডৱ ৷ হাতীৰ চোঁচাত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আহত ।

Wild elephant terror in Gossaigaon
গোঁসাইগাঁৱত বন্যহস্তীৰ তাণ্ডৱ
author img

By

Published : Oct 5, 2020, 8:48 PM IST

গোঁসাইগাঁও,5 অক্টোবৰ: বিগত দুদিন ধৰি বন্যহস্তীৰ তাণ্ডৱৰ ফলত কোকৰাঝাৰৰ গোঁসাইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত হাউৰিয়াপেট গাঁৱত ৰাইজৰ মাজত তীব্ৰ আতংক ৷ তিনিটা প্ৰকাণ্ড হাতীয়ে বাঁহনিৰ মাজত সোমাই তাণ্ডৱ চলায় ।

গোঁসাইগাঁৱত বন্যহস্তীৰ তাণ্ডৱ

সোমবাৰে পুৱাৰ ভাগত হাতীৰ জাকটোৱে গাঁওখনত প্ৰৱেশ কৰা দেখি স্থানীয় ৰাইজে হাতী চাবলৈ ভিৰ কৰাত বন্যহস্তীৰ দলটোৱে ৰাইজলৈ খেদি আহে। ইয়াৰ পাচতে কচুগাঁও বন সংমণ্ডলৰ ৰেঞ্জাৰ তথা বিষয়া-কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হয় যদিও হাতী খেদাবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ।

আনহাতে, ঘটনাস্থলীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ দল এটাই বাঁহনিৰ মাজত থকা হাতীৰ আলোকচিত্ৰ লৈ থাকোতে হাতী এটাই সাংবাদিককো লক্ষ্য কৰি চোঁচা লয় । হাতীৰ আক্ৰমণৰ পৰা বাচিবলৈ সাংবাদিকসকলে আঁতৰি যোৱাৰ সময়ত অগ্ৰদূত কাকতৰ সাংবাদিক স্বপন কুমাৰ এছে কাঁইটীয়া তাঁৰৰ ওপৰত বাগৰি পৰি আঘাতপ্ৰাপ্ত হয় ।

লগতে পঢ়ক: ৰাজ্যজুৰি অব্যাহত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.