কোকৰাঝাৰ, ১১ ফেব্ৰুৱাৰী : প্ৰমোদ বড়োৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰীয়ে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিপিএফ দলৰ নেতাক পৰিকল্পিতভাৱে অপৰাধী সজালে বুলি অভিযোগ হাগ্ৰামা মহিলাৰীৰ ৷ বিপিএফৰ মুছলপুৰ জিলাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ বাসগৃহত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰৰ সন্দৰ্ভত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উত্থাপন কৰিছে এই অভিযোগ (Hagrama Mohilary allegation against Pramod Boro)৷
শুকুৰবাৰে হাগ্ৰামা মহিলাৰীয়ে উক্ত অভিযোগ উত্থাপন কৰাৰ পাচতে শনিবাৰে এক সংবাদমেল সম্বোধন কৰি ইউ পি পি এল দলে হাগ্ৰামা মহিলাৰীক অভিযোগ প্ৰমাণ কৰাৰ দাবী জনায় (UPPL on Hagrama Mohilary Allegation)৷ হাগ্ৰামা মহিলাৰীয়ে ভিত্তিহীন অভিযোগ উত্থাপন কৰা বুলি সংবাদমেলৰ জৰিয়তে মন্তব্য কৰে ইউ পি পি এলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে ৷
উল্লেখ্য যে, বিটিআৰত নতুনকৈ সশস্ত্ৰ সংগঠনৰ পৰিকল্পনা ৰচাৰ অভিযোগ উত্থাপিত হৈছিল বিপিএফ দলৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম দৈমাৰীৰ বিৰুদ্ধে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ বাসগৃহত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ পাচতে 7 জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হয় প্ৰাক্তন বিধায়কগৰাকীৰ লগতে আন দুই অভিযুক্তক (Former MLA Hitesh Basumatary arrested)৷
বিপিএফ দলৰ নেতাৰ বাসগৃহত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰে মন্তব্য কৰে যে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে আৰক্ষীৰ লগত গোপনে অভিসন্ধি ৰচি কৌশলপূৰ্ণভাৱে প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক অপৰাধী সজাই গ্ৰেপ্তাৰ কৰে (BPF leader arrested with illegal weapons) ৷ হাগ্ৰামা মহিলাৰীৰ এই অভিযোগৰ পাচতে শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইউ পি পি এল দলে হাগ্ৰামা মহিলাৰীক অভিযোগ প্ৰমাণৰ দাবী জনায় ৷
আনহাতে ইউপিপিএল দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে মহিলাৰীৰ মন্তব্যক নস্যাৎ কৰি কয় যে এখন অস্ত্ৰমুক্ত বড়োলেণ্ড গঢ়া আৰু বড়োলেণ্ড অঞ্চলত শান্তি স্থাপনৰ বাবে নিৰন্তৰভাৱে নিজকে সমৰ্পিত কৰি আহিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷
আনহাতে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ (Lok Sabha Election 2024) বাবে ইউপিপিএল দল সাজু হৈ থকা বুলি মন্তব্য কৰে ৰাজু কুমাৰ নাৰ্জাৰীয়ে ৷ কিন্তু হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা সমষ্টিত আসন লাভ নকৰে বুলিও সংবাদমেলখনত ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে মন্তব্য কৰে ৷
লগতে পঢ়ক: Construction Workers Protest: শ্ৰমিকৰ গৰ্জনত কঁপি উঠিল সোণাৰাম হাইস্কুলৰ খেলপথাৰ