ETV Bharat / state

বি পি এফৰ অপকৰ্ম আৰু দুৰ্নীতিৰ তদন্তৰ দাবী ইউ পি পি এলৰ

ৰাজ্যপালক সাক্ষাৎ কৰি বি পি এফৰ অপকৰ্ম আৰু দুৰ্নীতিৰ তদন্তৰ দাবী ইউ পি পি এলৰ ৷ ভংগ কৰা হ'ল পৌৰ সভা, টাউন কমিটি আৰু ভি চি ডি চি ৷

author img

By

Published : Jun 22, 2020, 8:06 PM IST

uppl press meet on bpf corruption
বি পি এফৰ অপকৰ্ম আৰু দুৰ্নীতি তদন্তৰ দাবী ইউ পি পি এলৰ

কোকৰাঝাৰ,22 জুনঃ ৰাজ্যপালক সাক্ষাৎ কৰি বি পি এফৰ অপকৰ্ম আৰু দুৰ্নীতিৰ তদন্তৰ দাবী ইউ পি পি এল দলৰ ৷ ভংগ কৰা হ'ল পৌৰ সভা, টাউন কমিটি আৰু ভি চি ডি চি ৷ কোচুগাঁওত সাধাৰণ মানুহৰ ওপৰত কৰা অত্যাচাৰত জড়িত অভিযুক্তক আটক কৰিবলৈ ৪৮ দিনৰ সময় সীমা প্ৰদান ৰাজ্যপালৰ ৷ বি টি চি শাসনভাৰ দায়িত্ব গ্ৰহণ কৰা পিছতে অসমৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে বি টি চিৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰ পৰিদৰ্শন অব্যাহত ৰাখিছে ।

সোমবাৰে ৰাজ্যপাল জগদীশ মুখীয়ে কোকৰাঝাৰ পৰিদৰ্শন কৰে । কোকৰাঝাৰত উপস্থিত হোৱা ৰাজ্যপালক সাক্ষাৎ কৰি বি পি এফৰ অপকৰ্ম, দুৰ্নীতিৰ ওপৰত অতিশীঘ্ৰে তদন্ত কৰাৰ দাবীৰে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰে ইউ পি পি এল দলে । স্মাৰক পত্ৰত উল্লেখ কৰা মতে, বি টি এ ডিৰ চাৰিখন জিলাৰ পৌৰ সভা, টাউন কমিটি আৰু ভি চি ডি চি ভংগ কৰাৰ দাবী জনায় । ৰাজ্যপাল জগদীশ মুখীয়ে ইতিমধ্যে পৌৰ সভা, টাউন কমিটি আৰু ভি চি ডি চি ভংগ কৰিছে বুলি জনাই ইউ পি পি এলৰ সাধাৰণ সম্পাদক মাউটি ব্ৰহ্মা হাজৌৱাৰীয়ে । আনহাতে ইউ পি পি এলৰ সাধাৰণ সম্পাদক গৰাকীয়ে বি পি এফৰ শাসনকালত সংঘটিত হোৱা দুৰ্নীতিৰ ওপৰত অতি শীঘ্ৰে চি বি আই তথা এছ আই টি দ্বাৰা তদন্ত কৰিব লাগে বুলি দাবী জনায় ।

তাৰোপৰি কিছুদিন আগতে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কোচুগাঁও অঞ্চলত একাংশ অসাধু লোকে সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ চলোৱা কাণ্ডৰ তদন্ত কৰি দোষীক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰা দাবী জনোৱাত ৰাজ্যপালে বি টি এ ডিৰ আৰক্ষী মহাপৰিদৰ্শক অনুৰাগ আগৰৱালাক অভিযুক্তক আটক কৰিবলৈ ৪৮ দিনৰ সময় সীমা দিয়া বুলি জনায় ইউ পি পি এলৰ নেতাগৰাকীয়ে । শেষত মহামাৰী কৰ'ণাৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতে যিমান সম্ভৱ সোনকালে বি টি চিৰ নিৰ্বাচন পাতিবলৈ দাবী জনায় ইউ পি পি এল দলে ।

লগতে পঢ়কঃকলগাছিয়াত চি.পি.আই (এম)ৰ বিক্ষোভ প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.