বৰপেটাৰোড, 16 অক্টোবৰ : বিটিচি নিৰ্বাচনত বিপিএফ দলে লাভ কৰিব 'চিংগল ডিজিট' আসন এই মন্তব্য ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ ৷ শুকুৰবাৰে বাক্সাৰ মথনগুৰী সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী ছাহজাহান আলী আহমেদৰ সমৰ্থনত সমষ্টিটোৰ ঘোৰামাৰা আৰু লাৱদাঙগুৰীত পৃথকে পৃথকে অনুষ্ঠিত হোৱা দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশলৈ বিটিচিত বিপিএফে অপশাসন চলাইছিল বুলি অভিযোগ কৰে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে ৷
ইফালে,বিজেপি-ইউপিপিএলৰ মিত্ৰতা প্ৰসংগত সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৱে কয় যে,বিজেপিৰ লগত হাগ্ৰামাৰ তিনিজনকৈ মন্ত্ৰী বৰ্তমানেও আছে ৷ তেনেক্ষেত্ৰত ইউপিপিএলৰ লগত বিজেপিৰ মিত্ৰতা আছে বুলি হাগ্ৰামা মহিলাৰীয়ে বিটিচিবাসীক মিছা কথাকৈ টুপী পিন্ধাই আছে বুলিও মন্তব্য প্ৰদান কৰে সভাপতি প্ৰমোদ বড়োৱে ৷
লগতে পঢ়ক : স্বজন-তোষণ নীতিৰে চলিছে নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনি !