কোকৰাঝাৰ, ২৮ নৱেম্বৰ: ইউ পি পি এল ৰ সভাপতি প্ৰমোদ বড়োৱে কোকৰাঝাৰ জে ডি ৰোডস্থিত যুৱ ইউ পি পি এল দলৰ কাৰ্য্যালয়ত দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে ৷
বিটিচিত ইউ পি পি এল দলৰ চৰকাৰ গঠনৰ প্ৰস্তুতিৰে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আৰু অধিক ত্বৰান্বিত কৰিছে প্ৰমোদ বড়ো বাহিনীয়ে ৷ শনিবাৰে কোকৰাঝাৰত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি বিটিআৰত দুৰ্নীতি মুক্ত চৰকাৰ গঠনৰ বাবে বিপিএফ দলক পৰাজিত কৰিবলৈ আহ্বান জনায় প্ৰমোদ বড়োৱে ৷
উল্লেখ্য যে, বিটিআৰ চুক্তিৰ সফল ৰূপায়ন, বিটিআৰত শান্তি আৰু একতা স্বাৰ্থত সমূহ জাতি জনগোষ্ঠীৰ মাজত সমান অধিকাৰ, সকলো জাতি জনগোষ্ঠীৰ মাজত মাটিৰ অধিকাৰ, এমজিএনৰেগা আঁচনিত চলি থকা অনিয়ম বন্ধ , দূৰ্নীতি আৰু কমিচনৰাজ বন্ধ, জনগোষ্ঠীৰ লোকে বিটিচিত প্ৰতিনিধিত্ব কৰাৰ সুবিধা পোৱা, আদিকে ধৰি বহু প্ৰতিশ্ৰুতি নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে ইউ পি পি এল দলে ৷
লগতে পঢ়ক: হেপী বাৰ্থডে য়ামী গৌতমঃ আশ্বৰ্যৰ ধাৰা বাহাল ৰাখিব বিচৰা এগৰাকী অভিনেত্ৰী