কোকৰাঝাৰ, ২ জুলাই : কোকৰাঝাৰ সদৰ চহৰৰ প্ৰগতি ভৱনত শনিবাৰে ইউপিপিএল দলৰ কেন্দ্ৰীয় কমিটিৰ এক গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আয়োজন হয় । কোকৰাঝাৰ সদৰ চহৰৰ প্ৰগতি ভৱনত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত ইউপিপিএলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োকে ধৰি দলৰ ৩০০ ৰো অধিক কাৰ্যনিৰ্বাহক সদস্যই অংশগ্ৰহণ কৰে (Promad Boro in UPPL executive meeting) ৷
![UPPL held Executive meeting in Kokrajhar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-03-kjr-promadboro-upplexecutivemeeting-vis-byte-photo-10044_02072022210813_0207f_1656776293_264.jpg)
ইউপিপিএলৰ কাৰ্যনিৰ্বাহক সভাত আগন্তক ইউ পি পি এল দলৰ কেন্দ্ৰীয় অধিৱেশনৰ স্থান নিৰ্ণয় আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণ নীতিকলৈ বহুলভাৱে চৰ্চা হয় ৷ আনকি শনিবাৰৰ এই কাৰ্যনিৰ্বাহক সভাতে ইউপিপিএল দলৰ সংশোধিত সংবিধান মুকলি কৰা হয় ৷
ইপিনি দলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে অনাগত সময়ছোৱাত দলক অধিক শক্তিশালী কৰিবলৈ এই কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰা বুলি সদৰি কৰে । ইউপিপিএল দলৰ আগন্তুক অধিৱেশন ক'ত অনুষ্ঠিত হ’ব সেয়া এই সভাতে সিদ্ধান্ত লোৱা হ’ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।
লগতে পঢ়ক : কলগাছিয়াত স্বাস্থ্য পৰীক্ষা শিবিৰ
ইউপিপিএল দলৰ সংশোধিত সংবিধান মুকলি কৰি আজিৰ পৰাই কাৰ্যকাৰী কৰা হ’ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে । তদুপৰি দলৰ নিষ্ঠাবান কৰ্মীসকলক দলৰ আদৰ্শ বৰ্তাই ৰাখিবলৈ আহ্বান জনাই প্ৰমোদ বড়োৱে ইউপিপিএল দল সমাজৰ কল্যাণ আৰু সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্তব্য প্ৰকাশ কৰে ।
![UPPL held Executive meeting in Kokrajhar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-03-kjr-promadboro-upplexecutivemeeting-vis-byte-photo-10044_02072022210813_0207f_1656776293_893.jpg)
আনহাতে, আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ইউপিপিএলৰ সম্পাদক তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ইউপিপিএল দলে অকলে লোকসভা নিৰ্বাচন খেলাৰ বাবেও প্ৰস্তুত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷
উল্লেখ্য যে, এই কাৰ্যনিৰ্বাহক সভাত ইউ পি পি এলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰনগৌৰা নাৰ্জাৰী, উপ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, সম্পাদক তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, সম্পাদক ৰাজু নাৰ্জাৰী, ইউপিপিএলৰ নেতা তথা বিধায়ক লৰেঞ্চ ইছলাৰী, ইউপিপিএলৰ নেতা তথা কাৰ্যবাহী সদস্য দাওবৈচা বড়ো, ইউপিপিএলৰ পাৰিষদ মাধৱ ছেত্ৰী আদিকে ধৰি দলৰ কেবাগৰাকী শীৰ্ষ নেতৃবৃন্দ তথা কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থাকে ।
লগতে পঢ়ক : দৰঙত শ্বহীদ জোৱানৰ নামেৰে পথৰ নামাকৰণ