ETV Bharat / state

দেৱৰগাঁও সমষ্টিত ইউ পি পি এল দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

author img

By

Published : Mar 17, 2020, 6:22 PM IST

দেৱৰগাঁও সমিষ্টিত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ইউ পি পি এল দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল । কোকৰাঝাৰত ইউ পি পি এল দলৰ সহ 6 জন মনোনয়ন দাখিল ।

uppl-candidate-nomination-file
দেৱৰগাঁও সমষ্টিত ইউ পি পি এল দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

কোকৰাঝাৰ, ১৭ মাৰ্চঃ বিটিচি নিৰ্বাচনকলৈ ৰাজ্যিক নিৰ্বাচনী আয়োগে জাৰি কৰা প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ দ্বিতীয় দিনাও কোকৰাঝাৰ সদৰত মঙলবাৰে দেৱৰগাঁও সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী তথা ১৭ বছৰে বিটিচি প্ৰধান হৈ অহা হাগ্ৰামা মহিলাৰীক প্ৰত্যাহ্বান দি মনোনয়ন দাখিল কৰে ইউ পি পি এলৰ প্ৰাৰ্থী বিদ্ধদেৱ মোচাহাৰীয়ে ।

নিজৰ বৃহৎ সমৰ্থক লৈ শক্তি প্ৰদৰ্শন দেখুৱাই মঙলবাৰে বিদ্ধদেৱ মোচাহাৰীয়ে নিজৰ মনোনয়ন পত্ৰ সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াৰ হাতত জমা দি সংবাদমহলৰ আগত তেওঁ বড়ো শান্তি চুক্তি ৰূপায়ণ আৰু প্ৰতিষ্ঠান বিৰোধী টৌ দুটা ইছ্যুলৈ বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে থিয় হোৱা বুলি জনায় ।যুৱ নেতা গৰাকীয়ে আজিৰ দিনত হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁও এৰি অস্তিত্বত ভুগি কচুগাওঁ সমষ্টিত সমষ্টিতে নহয় হাকাইলৈ ওদালগুৰি জিলাতো যাবপাৰে বুলি কটাক্ষ কৰে। উল্লেখ্য যে মঙলবাৰে কোকৰাঝাৰত ইউ পি পি এলৰ প্ৰতিস্থাপক সভাপতি ইউ জি ব্ৰহ্মৰ উপস্থিত ইউ পি পি এলৰ প্ৰাৰ্থী বুদ্ধদেৱ মোচাহাৰীয়ে নিজৰ মনোনয়ন দাখিলৰ সমান্তৰালে বাওঁশুংগ্ৰী সমষ্টিত ইউ পি পি এলৰ মহিলা প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্ম, বনৰগাঁও সমষ্টিৰ ৰাবিৰাম ব্ৰহ্ম, ছালাকাটি সমষ্টিৰ পৰা হিতেশ বাসুমতাৰীয়ে উথ পথপ পৰিবেশেৰ মাজত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।আনহাতে মনোনয়ন দাখিলৰ অন্তত বাওঁশুংগ্ৰী সমষ্টিৰ প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্ময়ে সাংবাদিকৰ আগত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন পৰিষদখনে যোৱা 15 বছৰত বিয়াগুম উন্নয়নৰ নামত কেলেংকাৰী কৰি আহিছে বুলি উল্লেখ কৰে ৷ মুঠতে কোকৰাঝাৰ সদৰত মঙলবাৰে ইউ পি পি এলৰ ৪ জন, নিৰ্দলীয় ২ মহাৰথীসহ ৬ জনে মনোনয়ন দাখিল কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.