কোকৰাঝাৰ, 3 জুন : কৰ’ণা মহামাৰীৰ ত্ৰাসৰ মাজতে শেহতীয়াকৈ কোকৰাঝাৰ জিলাৰ ভুমকী আৰু জিয়াগুৰীত পৃথকে পৃথকে সংঘটিত হোৱা দুটাকৈ নিৰুদ্দেশৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত ৷ জানিব পৰা মতে, বিগত 28 মে’ত কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত জিয়াগুৰীৰ নিৱাসী আয়নাল হক নামৰ লোকজনৰ পুত্ৰ আব্দুল কাদেৰ (23) নিৰুদ্দেশ হৈ আছে ৷ নিশা প্ৰায় 8 বজাত ঘৰৰ সমীপৰ মোমায়েকৰ ঘৰত টিভি চাবলৈ ওলাই গৈছিল যুৱকজন ৷ ইয়াৰ পাচৰে পৰা সন্ধানহীন হৈ আছে আব্দুল কাদেৰ ৷
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আব্দুলৰ ৷ উপায়হীন হৈ পৰিয়ালৰ লোকে মঙলবাৰে কোকৰাঝাৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ আনহাতে, 31 মে’ অৰ্থাৎ সোমবাৰে জিলাখনৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত ভুমকীৰ প্ৰথম খণ্ডৰ নিৱাসী আব্দুল গণিৰ পত্নী কহিনুৰ খাতুন (21) তেওঁলোকৰ চাৰিমহীয়া সন্তানৰ সৈতে নিৰুদ্দেশ হৈ আছে ৷
ফাৰ্মাচীৰ পৰা ঔষধ আনিবলৈ বুলি চাৰিমহীয়া সন্তানক লগত লৈ ছালাকাটি বজাৰলৈ ওলাই গৈছিল মহিলাগৰাকী ৷ কিন্তু ইয়াৰ পাচৰে পৰা চাৰিমহীয়া সন্তানসহ ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে কহিনুৰ খাতুন ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে মহিলাগৰাকীৰ স্বামী আব্দুল গণিয়ে ছালাকাটি উপ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷
লগতে পঢ়ক : ৰঙিয়াত কভিভ প্ৰতিষেধকৰ ব্যাপক নাটনি