কোকৰাঝাৰ, 5 আগষ্ট: সোমবাৰে কোকৰাঝাৰ জিলাৰ কচুগাঁৱত সংঘটিত হয় এক দুৰ্ঘটনা ৷ পানীত পৰি অনাকাংক্ষিত মৃত্যুক সাৱটি ল'লে দুটি কণমানি শিশুৱে ৷ কচুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত লাহনপুৰ গাঁৱৰ একেটা পৰিয়ালৰে দুই শিশুৰ পানীত পৰি সলিল সমাধি ঘটে ৷
উল্লেখ্য যে, সোমবাৰে পুৱা প্ৰায় 11 বজাত পৰিয়ালটোৰ জেষ্ঠ ভাতৃ ধনকুমাৰ কোচৰ কন্যা প্ৰিয়ামনি কোচ (5) আৰু কনিষ্ঠ ভাতৃ সুকুমাৰ কোচৰ কন্যা বৰ্ষাৰাণী কোচ (৪) নামৰ দুটি কণমানিয়ে খেলি থকা অৱস্থাত, ঘৰৰ ওচৰৰে পানীৰে ভৰি থকা নলাত পৰি কৰুণ মৃত্য়ুক সাৱটি লয় ৷ ঘটনা সংঘটিত হোৱাৰ সময়ত শিশু দুটিৰ কাষত নাছিল পৰিয়ালৰ কোনো লোক ৷ বহু সময় ঘৰলৈ উভতি নহা দেখি শিশু দুটিৰ সন্ধানত ওলাই গৈ পৰিয়ালৰ লোকে নলাটোৰ পৰা শিশু দুটিক উদ্ধাৰ কৰে ৷ শিশু দুটিক উদ্ধাৰ কৰি পৰিয়ালৰ লোকে নিকটৱৰ্তী কচুগাঁও প্ৰাথমিক চিকিৎসালয়লৈ নিছিল যদিও, চিকিৎসকে মৃত বুলি ঘোষণা কৰে ইতিমধ্যেই মৃত্যুক সাৱটি লোৱা দুই কণমানিক ৷ কণমানি দুটিৰ মৃত্যুক কেন্দ্ৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত ৷
লগতে পঢ়ক: কুজীয়া নৈত সন্ধানহীন এজন