ETV Bharat / state

Bribe case in Kokrajhar : কোকৰাঝাৰত উৎকোচ লৈ গ্ৰেপ্তাৰ কৃষি বিভাগৰ দুই বিষয়া - Bribe case in Kokrajhar

ৰাজ্যত পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া । এইবাৰ হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কোকৰাঝাৰ কৃষি বিভাগৰ কনিষ্ঠ অভিযন্তা নীলকণ্ঠ কলিতা আৰু জ্যেষ্ঠ সহায়ক সুদীপ দেৱ (Agriculture officers arrested for taking bribes) । দুয়োগৰাকীকে ন্যায়িক জিম্মালৈ প্ৰেৰণ ।

Bribe case in Kokrajhar
কোকৰাঝাৰত উৎকোচ লৈ গ্ৰেপ্তাৰ কৃষি বিভাগৰ দুই বিষয়া
author img

By

Published : Dec 30, 2021, 7:56 PM IST

কোকৰাঝাৰ ৩০ ডিচেম্বৰ : পুনৰ আৰক্ষীৰ জালত দুই ঘোচখোৰ চৰকাৰী বিষয়া । হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কোকৰাঝাৰ কৃষি বিভাগৰ কনিষ্ঠ অভিযন্তাসহ এগৰাকী জ্যেষ্ঠ সহায়ক (Agriculture officers arrested for taking bribes)৷ অভিযুক্ত বিষয়া কেইগৰাকী ক্ৰমে কোকৰাঝাৰস্থিত কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা নীলকণ্ঠ কলিতা আৰু তেওঁৰ সতীৰ্থ তথা জ্যেষ্ঠ সহায়ক সুদীপ দেৱ ।

Bribe case in Kokrajhar
কোকৰাঝাৰত উৎকোচ লৈ গ্ৰেপ্তাৰ কৃষি বিভাগৰ দুই বিষয়া

অভিযোগ অনুসৰি কৃষি বিভাগৰ বিভিন্ন আঁচনি দিয়াৰ নামত হিতাধিকাৰীৰ পৰা উৎকোচ লৈ আহিছিল দুয়োগৰাকী বিষয়াই । উৎকোচ লোৱাৰ এক ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হোৱাৰ পাছতে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে তদন্তৰ নিৰ্দেশ দিছিল (Investigation against corrupted officer in Assam) ৷ ইয়াৰ পাছতে বৃহস্পতিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে চৰকাৰী বিষয়া দুজনক গ্ৰেপ্তাৰ কৰে ৷

দুয়োগৰাকী অভিযুক্তক আদালতত হাজিৰ কৰোৱাৰ পাছতে আদালতে দুয়োগৰাকীকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : সৰিয়হৰ ডুলিতে ভূত : ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত গৃহৰক্ষী জোৱান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.