ETV Bharat / state

ৰাইজৰ ৰোষত তিনি গৰুচোৰ; উত্তম-মধ্যম দি গতালে আৰক্ষীক

author img

By

Published : May 8, 2022, 5:44 PM IST

দীৰ্ঘদীন ধৰি কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে গৰুচোৰে । গৰুচোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছিল অঞ্চলটোৰ ৰাইজ । এইবাৰ গৰু চুৰ কৰিবলৈ লওঁতেই হাতে-লোটে ধৰা পৰি তিনি গৰুচোৰ(Three cattle thief arrested in Kokrajhar) । গৰুচোৰৰ পিঠিত পৰিল ঔকিল ।

three cattle thief arrested in kokrajhar
ৰাইজৰ ৰোষত তিনি গৰুচোৰ: উত্তম-মাধ্যম দি গতালে আৰক্ষীক

কোকৰাঝাৰ,৮ মে': কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত সংঘটিত গৰু চুৰিৰ ঘটনাই গাঁও অঞ্চলৰ বাসিন্দা সকলৰ মাজত ত্ৰাহি মধূসুদনৰ সৃষ্টি কৰিছে । প্ৰায় প্ৰতিদিনেই চোৰে উঠাই নিছে বহুকেইজনৰ ঘৰৰ পৰা পশুধন । ইয়াৰ মাজতে শুকুৰবাৰে নিশা ৰাইজৰ জালত পৰিল তিনি গৰুচোৰ(Three cattle thief arrested in Kokrajhar) ।

কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত উজানপাৰা গাঁৱত শুকুৰবাৰে নিশাও গৰু চুৰি কৰিবলৈ আহিছিল তিনি গৰুচোৰ । কিন্তু দিন বেয়া আছিল চোৰৰ । উজানপৰা গাঁৱৰ কেংগুৰ বড়োৰ ঘৰত নিশা গৰু চুৰি কৰাৰ সময়তে ৰাইজে হাতে-লোটে ধৰিবলৈ সক্ষম হয় চোৰকেইটাক ।

ঘটনাৰ বিৱৰণী অনুসৰি কেংগুৰ বড়োৰ ঘৰৰ গোহালিত বান্ধি থোৱা গৰু টানি নিবলৈ লওঁতেই ঘৰৰ গৃহস্থই দেখা পাই চিঞৰ-বাখৰ লগাই । গৃহস্থৰ চিঞৰ শুনি অঞ্চলটোৰ ৰাইজ ওলাই আহি খেদি খেদি কৰায়ত্ব কৰে চোৰকেইটাক । ইয়াৰ পাছতেই চোৰকেইটাক কৰায়ত্ব কৰি উত্তম-মধ্যম শোধাই ৰাইজে । পাছত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে চোৰকেইটাক আটক কৰে ।

ধৃত চোৰ তিনিটা ক্ৰমে কোকৰাঝাৰ ঘোৰামাৰাৰ ছালেক আলী, ৰাফিকুল শ্বেখ আৰু ধুবুৰীৰ ফকিৰগঞ্জৰ সুৰট জামাল বুলি চিনাক্ত কৰা হৈছে । সম্প্ৰতি চোৰ তিনিটা কোকৰাঝাৰ আৰক্ষীৰ জিম্মাত কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: গুৱাহাটী মহানগৰীৰ ৰাজপথত যান বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.