ETV Bharat / state

কোকৰাঝাৰত আৰক্ষীৰ জালত হেৰ’ইনসহ তিনি যুৱক

কোকৰাঝাৰৰ উপ-আৰক্ষী অধীক্ষক পুনম পেগুৱে কয় যে, নিদিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত ড্ৰাগছ সহিতে তিনিজনক আটক কৰা হৈছে । ধৃত লোককেইজনক জেৰা অব্যাহত ৰখাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি সদৰী কৰিছে উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে ।

কোকৰাঝাৰত আৰক্ষীৰ জালত হেৰ’ইনসহ তিনি যুৱক
কোকৰাঝাৰত আৰক্ষীৰ জালত হেৰ’ইনসহ তিনি যুৱক
author img

By

Published : Jun 26, 2021, 1:36 PM IST

কোকৰাঝাৰ,26 জুন: কোকৰাঝাৰ আৰক্ষীয়ে শুকুৰবাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই হেৰ’ইনসহ তিনিজনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে কোকৰাঝাৰ চহৰৰ পৰা আটক কৰা যুৱক তিনিজন হ'ল ক্ৰমে টেঙাপাৰাৰ গৌজানথাও নাৰ্জাৰী(২২), হাব্ৰুবাৰীৰ ফৰেষ্ট কলনিৰ কেনেডী ব্ৰহ্ম(২৩) আৰু বাগানশালিৰ সাগৰ দৈমাৰী(২২) ৷ আৰক্ষীয়ে যুৱক কেইজনৰ পৰা দহটা কণ্টেইনাৰ, নগদ পোন্ধৰ হাজাৰ টকা, তিনিটা ম’বাইল আৰু দুটা চিৰিঞ্জ উদ্ধাৰ কৰিছে ৷

কোকৰাঝাৰত আৰক্ষীৰ জালত হেৰ’ইনসহ তিনি যুৱক
কোকৰাঝাৰত আৰক্ষীৰ জালত হেৰ’ইনসহ তিনি যুৱক

ইয়াৰে দহটা কণ্টেইনাৰৰ ভিতৰত তিনিটা কণ্টেইনাৰত হেৰ’ইনৰ পাউডাৰ আছিল বুলি উপ-আৰক্ষী অধীক্ষক পুনম পেগুৱে সদৰী কৰিছে । এক সংবাদমেলত উপ-আৰক্ষী অধীক্ষক পুনম পেগুৱে কয় যে, নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আজি অভিযান চলোৱা হৈছিল ৷ ড্ৰাগছ সহিতে আৰক্ষীয়ে তিনিজনক আটক কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দি উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, ধৃত লোককেইজনক জেৰা অব্যাহত ৰখা হৈছে আৰু ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিব ৷

উল্লেখযোগ্য যে, বিগত তিনিমাহত কোকৰাঝাৰ আৰক্ষীয়ে ড্ৰাগছৰ বেহাৰ সৈতে জড়িত ১০ গৰাকী লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বুলি উপ-আৰক্ষী অধীক্ষক পুনম পেগুৱে সদৰী কৰিছে । মন কৰিবলগীয়া যে, অসমৰ পৰা সম্পূৰ্ণৰূপে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰি ৰাজ্যখনক নিচামুক্ত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (ASSAM POLICE) ৷ শেহতীয়াভাৱে গঠিত চৰকাৰখনে শাসনভাৰ লোৱাৰ পাচত ব্যাপক ৰদবদল কৰিছিল প্ৰশাসনিক বিভাগত ৷ তেতিয়াৰে পৰা ৰাজ্যৰ জিলাসমূহত অপৰাধ তথা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে জিলা আৰক্ষী তথা প্ৰশাসন তৎপৰ হৈ পৰিছে ৷

লগতে পঢ়কঃ ৰে’ল বিভাগত পুনৰ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.