ETV Bharat / state

কোকৰাঝাৰত কৰ যোৰে প্ৰাৰ্থনা ভাৰতীয় নৌ-সেনা জোৱানৰ - সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন,বাঙালী জন মুক্তি বাহিনী

নিজ ভগ্নীৰ অপহৃত স্বামীৰ মুক্তিৰ বাবে সংবাদ মাধ্যমৰ আগত কৰ যোৰে প্ৰাৰ্থনা এগৰাকী নৌ-সেনা জোৱানৰ ৷ দেশৰ অখণ্ডতা আৰু সুৰক্ষাৰ নামত যৌৱনৰ 9 বছৰ অৰ্পণ কৰা জোৱানজনে কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত কৰযোৰে প্ৰাৰ্থনা জনালে ভনী জোৱাইক বিচাৰি উলিওৱাৰ বাবে ৷

নৌ-সেনা জোৱানৰ কৰযোৰে প্ৰাৰ্থনা
author img

By

Published : Nov 6, 2019, 5:30 AM IST

Updated : Nov 6, 2019, 9:37 AM IST

কোকৰাঝাৰ, 5 নৱেম্বৰঃ এগৰাকী ভাৰতীয় নৌ-সেনাত কৰ্মৰত জোৱান ৷ ব্যক্তিগত সুৰক্ষা তথা বিভাগীয় গোপনীয়তাৰ বাবে আমি তেখেতৰ নাম প্ৰকাশৰ পৰা বিৰত আছো ৷ দেশৰ সুৰক্ষা তথা অখণ্ডতাৰ বাবে নিয়োজিত কৰা জোৱানজনৰ হাত যোৰে কাতৰ অনুৰোধ সংবাদ মাধ্যমক ৷ জোৱানগৰাকী বিগত 27 ছেপ্তেম্বৰত ছেৰফাংগুৰিৰ পৰা অপহৃত হোৱা ব্যৱসায়ী প্ৰদীপ শীলৰ খুলশালী ৷

কোকৰাঝাৰত প্ৰতিবাদ

মঙলবাৰে কোকৰাঝাৰ চহৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনকে ধৰি বহুকেইটা সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই কাৰ্যসূচীতে উপস্থিত থাকে নৌ-সেনাত কৰ্মৰত জোৱানজনে নিজৰ ভনী জোৱাইক মুক্তিৰ বাবেই কৰ যোৰে প্ৰাৰ্থনা কৰে ৷ দেশমাতৃৰ এগৰাকী সুযোগ্য সন্তানৰ এই আহ্বান চৰকাৰ তথা আৰক্ষী প্ৰশাসনে কিদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

নৌ-সেনা জোৱানৰ কৰযোৰে প্ৰাৰ্থনা

উল্লেখযোগ্য যে, মঙলবাৰে কোকৰাঝাৰ চহৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন,বাঙালী জন মুক্তি বাহিনী (আলোচনা পন্থী) আৰু সদৌ অসম প্ৰাক্তন বিটিএফ জন কল্যাণৰ যৌথ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷ শৰণাৰ্থী শিবিৰত আবদ্ধ হিন্দু বাঙালীক বিনাচৰ্তে মুক্তি দিয়া,ডি ভোটাৰৰ নামত হিন্দু বাঙালীৰ প্ৰতি কৰা অন্যায় বন্ধ কৰা,চক্ৰান্ত মূলকভাৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা হিন্দু বাঙালীৰ নাম বাদ দিয়া আৰু অপহৃত প্ৰদীপ শীলৰ মুক্তিত স্থানীয় শিশু উদ্যানত প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে চাওকঃ একেদিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত তিনিটা অগ্নিকাণ্ড; গোৱালপাৰাত জ্বলিল চলন্ত ট্ৰাক

Intro:সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ৩ ঘন্তীয়া অৱস্থান ধৰ্মঘট।

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, বাঙালী জন মুক্তি বাহিনী( আলোচনা পন্থী) আৰু সদৌ অসম প্রাপ্তন বিটিএফ জন কল্যানৰ যৌথ উদ্যোগত মঙ্গলবাৰে কোকৰাঝাৰ চহৰৰ শিশু উদ্যানত বিভিন্ন দাবীক লৈ ৩ ঘন্তীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে।

Body:দিতেনশন কেম্পত আবদ্ধ হিন্দু বাঙালীক বিনা সৰ্থে মুক্তি দিয়া, ডি ভোটাৰৰ নামত হিন্দু বাঙালীক হেনষ্টা বন্ধ কৰা, চক্ৰান্ত মূলকভাৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা হিন্দু বাঙালীৰ নাম বাদ দিয়াৰ প্ৰতিবাদত আৰু অপৰুত প্ৰদীপ শিলৰ মুক্তিত ইত্যাদি দাবীকলয় কোকৰাঝাৰ উত্তাল কৰে।

ৰাতিপুৱা 11 বজাৰপৰা 2 বজালৈ 3 ঘন্তীয়া এই অৱস্থান ধৰ্মঘটত সহস্ৰাধিক বাঙালী জনগোষ্টীৰ লগসকল বিভিন্ন শ্লোগানৰে উত্তাল কৰে কোকৰাঝাৰ চহৰ।

Conclusion:ছেৰফাংগুৰিৰ প্ৰদীপ শিলক দুষ্টচক্ৰই অপহৰণ কৰা প্ৰায় এমাহ হৈযোৱাৰ পিছতো আৰক্ষী প্ৰশাসনে উদ্ধাৰ কৰিব নোৱাৰাক কঠোৰ সমালোচনা কৰে।

উল্লেখযোগ্যযে এজন ক্ষুদ্ৰ ব্যৱসায় প্ৰদীপ শিলক চনাক্ত দুষ্টচক্ৰয়ে অপহৰণ কৰিছিল।
Last Updated : Nov 6, 2019, 9:37 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.