ETV Bharat / state

কোকৰাঝাৰত জিলা নাথ যোগী সন্মিলনীৰ সোণালী জয়ন্তী পালন - Korajhar district

কোকৰাঝাৰত জিলা নাথ যোগী সন্মিলনীৰ সোণালী জয়ন্তী আৰু অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবৰ্ষীয় কাৰ্যসূচীৰ সামৰণি । দেওবাৰে অনুষ্ঠিত হোৱা এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু জনপ্ৰিয় কণ্ঠশিল্লী দীক্ষু ৷

the Nath Yogi Sammilani golden jubilee celebrates at Korajhar district
কোকৰাঝাৰত জিলা নাথ যোগী সন্মিলনীৰ সোণালী জয়ন্তী পালন
author img

By

Published : Dec 23, 2019, 12:32 PM IST

কোকৰাঝাৰ, 23 ডিচেম্বৰ : কোকৰাঝাৰত ২০ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ল কোকৰাঝাৰ জিলা নাথ যোগী সন্মিলনীৰ সোণালী জয়ন্তী আৰু অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবৰ্ষীয় কাৰ্যসূচী ৷ জিলাখনৰ ভূটীয়াপাৰাস্থিত ভাৰতৰত্ন ভূপেন হাজৰিকা সমন্বয়ক্ষেত্ৰত অনুষ্ঠিত হয় এই কাৰ্যসূচী ৷ দেওবাৰে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ৷ নাথ যোগীসকলৰ জনগোষ্ঠীটোক উন্নয়নৰ দিশে লৈ যোৱাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি সভাত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মুকলি সভাত জনপ্ৰিয় কণ্ঠশিল্লী দীক্ষু উপস্থিত থাকি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব বুলি মন্তব্য কৰে ।

কোকৰাঝাৰত জিলা নাথ যোগী সন্মিলনীৰ সোণালী জয়ন্তী পালন

অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে চৰকাৰৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় নাথ যোগী জনগোষ্ঠীক চৰকাৰে চিৰদিনে বঞ্চনা কৰা কাৰ্য সহ্য কৰা নহ'ব বুলি মন্তব্য কৰে ৷ লগতে নাথ যোগীক শীঘ্ৰে জনজাতিকৰণ কৰিব লাগে বুলিও দাবী উত্থাপন কৰে। খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাৱুকিস্বৰূপ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি জানুৱাৰীৰ পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি কয়। মুকলি সভাত অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদৰ সভাপতি উদয়ন গগৈ,সৰ্বভাৰতীয় নাথ যোগী সমাজৰ সভাপতি উমকাৰ পণ্ডিত,বিটিএডি নাথ যোগী সন্মিলনীৰ সভাপতি প্ৰকাশানন্দ নাথ,জিলা যোগী সন্মিলনীৰ সম্পাদক সঞ্জিত কুমাৰ নাথ,অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সম্পাদক ডম্বৰুধৰ নাথ,বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

আৰু পঢ়ক : মেৰিঅ ক্ৰুজক কিউবাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি

Intro:কোকৰাঝাৰত জিলা নাথ যোগী সন্মিলনীৰ সোণালী জয়ন্তী আৰু অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবৰ্ষীয় কাৰ্যসূচীৰ সামৰণি ।

আন্দোলন শাম কটাৰ বাবেহে স্বায়ত্বশাসিত পৰিষদ : মন্ত্ৰী প্ৰমিলা ব্ৰহ্ম

কোকৰাঝাৰ / ২২ ডিচেম্বৰ :- জনজাতিকৰণৰ বাবে আন্দোলন কৰি থকা দল সংগঠনৰ সতে আলোচনাত বহি আন্দোলন শাম কটাৰ বাবে স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হৈছে । এই মন্তব্য কৰিছে অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ।

Body:কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাস্থিত ভাৰতৰত্ন ভূপেন হাজৰিকা সমন্বয়ক্ষেত্ৰত যোৱা ২০ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ জিলা নাথ যোগী সন্মিলনীৰ সোণালী জয়ন্তী আৰু অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবৰ্ষীয় কাৰ্যসূচীৰ আজি সামৰণি অনুষ্ঠানৰ মুকলি সভাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই উক্ত মন্তব্য প্ৰকাশ কৰি নাথ যোগীসকল পিছপৰা আৰু জনগোষ্ঠীটোক উন্নয়নৰ দিশে লৈ যোৱাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি মন্তব্য কৰে । প্ৰাদেশিক যোগী সন্মিলনীৰ কাৰ্যকাৰী সভাপতি ভূমিধৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকি জনপ্ৰিয় কণ্ঠশিল্লী দীক্ষু য়ে কাৰ বিৰোধিতা কৰি অসমীয়াৰ স্বাৰ্থৰ বিপৰীতে গৃহীত হোৱা কা কোনো কাৰণতে গ্ৰহণ কৰা নহব বুলি মন্তব্য কৰে । সভাত উপস্থিত থকা সদৌ নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে স্বায়ত্বশাসিত পৰিষদ গঠন কৰাৰ পূৰ্বে নাথ যোগীৰ সামাজিক , ৰাজনৈতিক , অৰ্থনৈতিক , ভূমিৰ অধিকাৰকে ধৰি আন অধিকাৰসমুহ সুৰক্ষিত কৰাৰ দাবী উত্থাপন কৰে । চৰকাৰৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে নাথ যোগী জনগোষ্ঠীক চৰকাৰে চিৰদিনে বঞ্চনা কৰা কাৰ্য সহ্য কৰা নহব বুলি মন্তব্য কৰি নাথ যোগীক শীঘ্ৰে জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে । তদুপৰি খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাৱুকিস্বৰূপ কাৰ বিৰোধিতা কৰি অহা জানুৱাৰীৰ পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি সদৰি কৰিছে ।
Conclusion:আজিৰ মুকলি সভাত অসম জাতিয়তাবাদী ছাত্ৰ পৰিষদৰ সভাপতি উদয়ন গগৈ , সৰ্বভাৰতীয় নাথ যোগী সমাজৰ সভাপতি উমকাৰ পণ্ডিত , বিটিএডি নাথ যোগী সন্মিলনীৰ সভাপতি প্ৰকাশানন্দ নাথ , জিলা যোগী সন্মিলনীৰ সম্পাদক সঞ্জিত কুমাৰ নাথ , অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সম্পাদক ডম্বৰুধৰ নাথ , বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী আদিকে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.