কোকৰাঝাৰ, ২৭ আগষ্ট: কোকৰাঝাৰৰ জয়পুৰস্থিত ছেম কলেজ অব নাৰ্ছিং হোষ্টেলত শনিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মাছুল বৃদ্ধি, কলেজ কৰ্তৃপক্ষৰ বিভিন্ন খেলিমেলিৰ লগতে অধ্যক্ষা হুছনেআৰা বেগম আৰু সঞ্চালক শ্বেখ আব্দুলাই কৰা দুৰ্ব্যৱহাৰক কেন্দ্ৰ কৰি সৃষ্টি এই উত্তপ্ত পৰিস্থিতিৰ (Tense situation at Kokrajhar Sam Nursing College) ৷
হোষ্টেলৰ আৱাসী ছাত্ৰীৰ অভিভাৱকসকলকো অধ্যক্ষাগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সা-সামগ্ৰী লৈ ইতিমধ্যে হোষ্টেলৰ লগতে নাৰ্ছিং প্ৰতিষ্ঠানখনো ত্যাগ কৰিছে হোষ্টেলৰ একাংশ আৱাসী ছাত্ৰীয়ে ৷
উল্লেখ্য যে কাৰ্বি আংলং, ওদালগুৰি, বাক্সা আদি বিভিন্ন জিলাৰ পৰা বহু সপোন লৈ ছেম কলেজ অৱ নাৰ্ছিং কলেজত(Sam Nursing College Kokrajhar) অধ্যয়ন কৰিবলৈ আহিছিল একাংশ ছাত্ৰী ৷ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে সংবাদ মাধ্যমক জনোৱা অনুসৰি নাৰ্ছিং কলেজখনত নামভৰ্তিৰ সময়ত প্ৰতিষ্ঠানটোৱে ইণ্ডিয়ান নাৰ্ছিং কাউঞ্চিল(Indian Nursing Council) দ্বাৰা স্বীকৃত বুলি জনাইছিল ৷
কিন্তু পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানটো অসম নাৰ্ছিং কাউঞ্চিলৰ(Assam Nursing Council) দ্বাৰাহে স্বীকৃতি পোৱা বুলি জানিব পাৰি ছাত্ৰীসকল ক্ষোভিত হৈ পৰে ৷ অকল ইমানেই নহয়, হোষ্টেলৰ আৱাসী ছাত্ৰীসকলকো সময়মতে খাদ্য যোগান নধৰা, পানী যোগান নিদিয়া আদি বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈছে ৷
হোষ্টেলৰ লগতে নাৰ্ছিং প্ৰতিষ্ঠানখনো ত্যাগ কৰা ছেম নাৰ্ছিং কলেজৰ ছাত্ৰী আৰু অভিভাৱকসকলে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ৷
লগতে পঢ়ক: দেওবাৰৰ পৰীক্ষাত সাংবাদিকক হুলস্থূল নকৰিবলৈ ক’লে ডিজিপিয়ে