ETV Bharat / state

Taren Bodo On Cabinet Meeting decisions: ৰাজ্য চৰকাৰৰ কেতবোৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ তৰেণ বড়োৰ

ৰাজ্য চৰকাৰৰ কেতবোৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে(Taren Bodo On Cabinet Meeting decisions) ৷

author img

By

Published : Jul 24, 2022, 10:07 PM IST

Taren Bodo On Cabinet Meeting decisions
ৰাজ্য চৰকাৰৰ কেতবোৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ তৰেণ বড়োৰ

কোকৰাঝাৰ, 24 জুলাই : ৰাজ্য চৰকাৰৰ কেতবোৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰে বড়ো সাহিত্য সভাই ৷ যোৱা 17 জুলাইত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইয়াৰে কেতবোৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিব নোৱাৰো বুলি মন্তব্য প্ৰদান কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে (Taren Bodo On Cabinet Meeting decisions) ৷

দেওবাৰে বি টি আৰৰ সদৰ কোকৰাঝাৰ চহৰস্থিত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰ এন বি ভৱনত বড়ো সাহিত্য সভাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয় ৷ উক্ত বৈঠকৰ পিছতেই বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে কয় যে অসমত এতিয়াও বহুতো অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান আছে যি এতিয়াও প্ৰাদেশিকীকৰণ হোৱা নাই । তেনেক্ষেত্ৰত অসম চৰকাৰৰ শিক্ষা বিভাগে নতুনকৈ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰা নহ'ব বুলি ঘোষণা কৰিছে ৷

মাতৃভাষাত গুণগত শিক্ষা গ্ৰহণৰ অধিকাৰৰ পৰা এটা প্ৰজন্ম বঞ্চিত হৈ ৰব নেকি বুলি প্ৰশ্নৰ উত্থাপন কৰে সভাপতিগৰাকীয়ে ৷ আনহাতে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যো-জা চলোৱা বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি বড়োৱে কয় খিলঞ্জীয়া ভূমিপুত্ৰ সকলক প্ৰতাৰণা তথা হেয়জ্ঞান কৰি অন্য জনগোষ্ঠীক জনজাতিকৰণ কৰিলে জনজাতি ভূমিপুত্ৰ সকলৰ যথেষ্ট ক্ষতি হ'ব ৷

ইফালে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সমূহ বেদখলকাৰীৰ পৰা উচ্ছেদ নকৰাৰ ঘটনাক লৈ তীব্ৰ গৰিহনা দিয়ে ৷ ইয়াৰোপৰি ভূমিহীন বড়োসকলক ভূমিপট্টা প্ৰদান নকৰি যধে-মধে উচ্ছেদ কৰা কাৰ্যত উদ্বেগ প্ৰকাশ কৰি চৰকাৰক এই দিশত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনায় বড়ো সাহিত্য সভাৰ সভাপতি গৰাকীয়ে ।

উল্লেখ্য যে, আজি অনুষ্ঠিত হোৱা এই কাৰ্যনিৰ্বাহক বৈঠকখনত আগন্তুক 2023 চনৰ ফেব্ৰুৱাৰী মাহত কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ 62 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্বান্ত গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক : Pork controversy at Sahitya Sabha: সাহিত্য সভাৰ বাকৰিত গাহৰি মাংসৰ ভাজি; লাগিল হুৱা-দুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.