কোকৰাঝাৰ ২৯ ডিচেম্বৰঃ চৰকাৰী ভাবে মনোনীত বিটিচিৰ ছয় গৰাকী মনোনীত সদস্যই মঙলবাৰে শপত গ্ৰহণ কৰে ৷ বিটিআৰ বিধান পৰিষদীয় ভৱনৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত চৰকাৰে মনোনীত কৰা সদস্য কেইগৰাকীয়ে শপত গ্ৰহণ কৰে ৷ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত মনোনীত সদস্য কেইগৰাকীক শপত বাক্য পাঠ কৰায় বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োয়ে ৷ বিটিচি অঞ্চলৰ বিভিন্ন সম্প্ৰদায়ৰ পৰা মনোনীত হোৱা তথা আজি শপত গ্ৰহণ কৰা মনোনীত সদস্য ছয় গৰাকী হল ক্ৰমে গোৰ্খা সম্প্ৰদায়ৰ পৰা মাধৱ চন্দ্ৰ ছেত্ৰী, শৰণীয়া কছাৰী সম্প্ৰদায়ৰ পৰা চম্পাৱতী ডেকা, চাওতাল সম্প্ৰদায়ৰ পৰা উইলছন হাছদা, কেওঁট সম্প্ৰদায়ৰ পৰা প্ৰদীপ কুমাৰ বায়ন, ৰাভা সম্প্ৰদায়ৰ পৰা হেমন্ত কুমাৰ ৰাভা আৰু সাধাৰণ শ্ৰেণীৰ পৰা অৰ্পনা মেধী ৷
উল্লেখ্য যে, ইয়াৰে চাৰিগৰাকী সদস্যই অসমীয়াত শপতবাক্য পাঠ কৰাৰ বিপৰীতে মনোনিত সদস্য মাধৱ ছেত্ৰীয়ে নেপালীত আৰু উইলছন হাছদাই নিজৰ মাতৃভাষা চাওতালীত শপত বাক্য পাঠ কৰে । শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োই নিজ ভাষণত মনোনিত সদস্যসকলক শুভেচ্ছা জ্ঞাপন কৰি সকলোকে শান্তি-সম্প্ৰীতি-নিৰাপত্তা আৰু উন্নয়নৰ স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনাইছে । শপত গ্ৰহণ অনুষ্ঠানত বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী, কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী, গৌতম দাস আৰু অৰূপ কুমাৰ দে সহ আন কেইবাগৰাকী কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে ।
ইপিনে শপত গ্ৰহণ অনুষ্ঠানৰ অন্তত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োয়ে সংবাদ মাধ্যমৰ আগত বিগত ১৭ বছৰে কোনো এটা ফাইল ডিজিটেলাইজড নহ'ল বুলি মন্তব্য কৰি পূৰ্বৰ চৰকাৰে বহু দুৰ্নীতি সংঘটিত কৰিছে বুলি দাবী কৰা দেখা গ’ল । বহু আঁচনিত বিভাগীয় অনুমোদন থকা আৰু ফাণ্ড ৰিলিজৰ পিছতো কোনোধৰণৰ কাম হোৱা নাই বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি বিগত ১৭ বছৰৰ অৰ্থনৈতিক শ্বেতপত্ৰ প্ৰকাশ কৰা হ’ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োয়ে । কামসমূহ পৰ্যবেক্ষণ কৰা হ’ব আৰু সকলো বিষয়বস্তু এটা পদ্ধতিগত প্ৰক্ৰিয়াৰ মাজলৈ অনা হ’ব বুলি কয় প্ৰমোদ বড়োয়ে ৷
আনহাতে বিটিচি স্বায়ত্ব শাষিত পৰিষদৰ কাৰ্যবাহী সদস্য পদৰ সংখ্যা আৰু দুজন বঢ়াবৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ সৈতে বিষয়টো আলোচনা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি মন্তব্য কৰা দেখা যায় প্ৰমোদ বড়োক ৷ একেদৰে প্ৰমোদ বড়োয়ে এইবুলিও কয় যে, ৪০ জন সদস্যৰ শপত গ্ৰহণৰে এতিয়া বিটিআৰ বিধান পৰিষদ পূৰ্ণাংগ হ'ল আৰু বিটিআৰৰ ৪০ টা বিভাগ এতিয়া ৪০ জন সদস্যই চোৱাচিতা কৰিব পাৰিব । আগতে কাৰ্যবাহী সদস্যৰ বাহিৰে আন সদস্যই কোনো কাম কৰা নাছিল । অথচ বিটিআৰ বিধান পৰিষদলৈ নিৰ্বাচিত হোৱা সকলো সদস্যৰে দক্ষতা আছে ৷ সেয়ে প্ৰতিজন সদস্যকে এটাকৈ বিভাগ চোৱাৰ দায়িত্ব অৰ্পন কৰা হ’ব ৷ যদিও সকলো ক্ষেত্ৰতে চূড়ান্ত সিদ্ধান্ত সংশ্লিষ্ট বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়েহে ল’ব পাৰিব বুলি কয় প্ৰমোদ বড়োয়ে । সকলো সদস্যকে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ আহ্বান জনাই বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷
লগতে পঢ়কঃ গেৰুৱা হ'ল অজন্তা নেওগ, ৰাজদ্বীপ গােৱালা আৰু বনেন্দ্ৰ কুমাৰ মুছাহাৰী