কোকৰাঝাৰ, 25 এপ্ৰিল: কোকৰাঝাৰ জিলাৰ অন্তৰ্গত খুক্সী গাঁৱৰ কৰ্ণ ৰায় নামৰ এজন যুৱক ৷ শৰীৰিক প্ৰত্যাহ্বানকো নেওচি যুৱকজনে দেখুৱাইছে স্বাৱলম্বিতাৰ আদৰ্শ ৷
যুৱকজনৰ এখন ভৰিৰ সমস্যা থকা স্বত্বেও ই-ৰিক্সা চলাই উপাৰ্জনৰ বাট মুকলি কৰিছে ৷ অসুস্থতাৰ ওচৰত হাৰ নামানি ই-ৰিক্সা চলাই যুৱকজনে দেখুৱাইছে নিজৰ ভৰিত নিজে থিয় হোৱাৰ বিৰল মানসিকতা ৷
লগতে পঢক: দ্বিতীয় দিনাও অব্যাহত যোৰহাটৰ উচ্ছেদ অভিযান
যিসময়ত নিবনুৱা সমস্যাই ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে , তেনে সময়তে শআৰীৰিক প্ৰত্যাহ্বানৰ ওচৰত হাৰ নামানি ই-ৰিক্সা চলাই উপাৰ্জনৰ বাট মুকলি কৰা কৰ্ণ ৰায় হ'ব পাৰে বহুতৰে বাবে আদৰ্শ ৷