ETV Bharat / state

কোকৰাঝাৰৰ এখন আধৰুৱা চিকিৎসালয় - অসম বংগ সীমান্তৱৰ্তী

শ্ৰীৰামপুৰত এবছৰ পূৰ্বে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা এখন চিকিৎসালয় বৰ্তমানেও অসম্পূৰ্ণ ৷ চিকিৎসাৰ অভাৱত দুৰ্ভোগ অঞ্চলবাসীৰ ৷

কোকৰাঝাৰৰ এখন আধৰুৱা চিকিৎসালয়
author img

By

Published : Aug 8, 2019, 2:26 PM IST

কোকৰাঝাৰ,8আগষ্ট : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম বংগ সীমান্তৱৰ্তী এখন চিকিৎসালয় ৷ শ্ৰীৰামপুৰত এবছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল চিকিৎসালয়খন ৷ কিন্তু বৰ্তমানেও চিকিৎসালয়খনৰ আধা কামো সম্পূৰ্ণ কৰিব পৰা নাই ঠিকাদাৰে ৷ ফলত বৃহত্তৰ শ্ৰীৰামপুৰ অঞ্চলৰ ৰাইজে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ লগতে ভুগিছে নানা সমস্যাত ৷

কোকৰাঝাৰৰ এখন আধৰুৱা চিকিৎসালয়

প্ৰাপ্ত তথ্য অনুসৰি, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আৰ এম এছৰ অধীনত ২০১২ - ২০১৩ বিত্তীয় বৰ্ষত শ্ৰীৰামপুৰত এখন চিকিৎসালয় স্থাপন কৰাৰ বাবে এক কোটি দহ লাখ টকা চৰকাৰৰ পৰা দিয়া হৈছিল ৷ ২০১২ - ২০১৩ চনত উক্ত ধন লাভ কৰাৰ পাছতেই নিৰ্মাণৰ কাম আৰম্ভ কৰা হয় ২০১৮ চনৰ প্ৰথম ভাগত ৷ নিৰ্মাণ কাৰ্যৰ এটা বছৰ অতিবাহিত হল যদিও ইয়াৰ ৫০ শতাংশ কামেই সম্পূৰ্ণ নহল । পৰিত্যক্ত অৱস্থাত বৰ্তমান শ্ৰীৰামপুৰ চিকিৎসালয় । বিভাগে টকা আবন্টন দিয়াৰ পিছতো সঠিক সময়ত নিৰ্মাণ হোৱা নাই এই চিকিৎসালয়খন । লেহেমীয়া গতিত চলা নিৰ্মাণ কাৰ্যই স্থানীয় ৰাইজক চিন্তিত কৰি তুলিছে ৷ এতিয়া অঞ্চলবাসীয়ে চিকিৎসাৰ বাবে যাব লাগে পশ্চিম বংগৰ কোচবিহাৰ নাইবা কোকৰাঝাৰ, বঙাইগাঁৱলৈ ৷ অঞ্চলবাসীয়ে শীঘ্ৰে চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ দাবী ৷

Intro:Story :- স্বাস্হ্য বিভাগৰ চৰম হেমাহিত চিকিৎসা সেৱাৰ পৰা বঞ্চিত অসম বংগৰ ৰাইজ :: লেহেমীয়া গতিত চিকিৎসালয় নিৰ্মান ::

Feed name:-Srirampur medical centre construction half done
Date :8/8/19.
Rpt-
Gossaigaon

Anchore :- কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম বংগ সীমান্তৱৰ্তী এখন চিকিৎসালয়। শ্ৰীৰামপুৰত নতুন কৈ নিৰ্মান কৰা চিকিৎসালয়খন আজিও সম্পূৰ্ণ নহল। বিগত এবছৰে আধা কাম সম্পূৰ্ণ কৰিব পৰা নাই ঠিকাদাৰে।ফলত বৃহত্তৰ শ্ৰীৰামপুৰ অঞ্চলৰ ৰাইজে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাই নহয় বিভিন্ন সমস্যাত কটাইছে ।

Body:

S/O :- প্ৰাপ্ত তথ্য মতে, অসম চৰকাৰৰ স্বাস্হ্য বিভাগৰ আৰ এম এছৰ অধীনত ২০১২ - ২০১৩ বিত্তীয় বৰ্ষত শ্ৰীৰামপুৰত এখন চিকিৎসালয় স্থাপন কৰিবলৈ মুঠ এক কোটি দহ লাখ টকা মঞ্জুৰী লাভ কৰে। ২০১২ - ২০১৩ চনত উক্ত ধন মঞ্জুৰী লাভ কৰিছে যদিও নিৰ্মাণ কাম আৰম্ভ কৰা হয় ২০১৮ চনৰ প্ৰথম ভাগত। নিৰ্মান কাম প্ৰায় এটা বছৰ অতিবাহিত হল যদিও ইয়াৰ ৫০ শতাংশ কাম সম্পূৰ্ণ নহল। পৰিত্যক্ত অৱস্থাত বৰ্তমান শ্ৰীৰামপুৰ চিকিৎসালয়। বিভাগে টকা আবন্টন দিয়াৰ পিছতো সঠিক সময়ত নিৰ্মান হোৱা নাই এইখন চিকিৎসালয়। লেহেমীয়া গতিত চলা নিৰ্মান কামে স্থানীয় ৰাইজক চিন্তিত কৰি তুলিছে। Conclusion:শ্ৰীৰামপুৰত চিকিৎসালয় নথকাত অসম বংগ সীমান্তৱৰ্তী এলেকাৰ ৰাইজৰ কিবা বেমাৰ আজাৰ হলে গাঁঠিৰ ধন ভাঙি পশ্চিম বংগৰ কোচবিহাৰ, অলিপুৰদুৱাৰ নাইবা কোকৰাঝাৰ, বঙাইগাঁও যাবলগীয়া হয় চিকিৎসাৰ বাবে। উক্ত চিকিৎসালয়খন শীঘ্ৰে নিৰ্মান কৰি চিকিৎসা সেৱা দিয়াৰ আহ্বান স্থানীয় ৰাইজৰ।

Byte :- স্থানীয় ৰাইজ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.