ETV Bharat / state

কোকৰাঝাৰত বিষুৱা উৎসৱ উদযাপন - kokrajhar

সেৰফাংগুৰী ৰামফলবিল আঞ্চলিক বিষুৱা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক বিষুৱা উৎসৱ উদযাপন ৷ এই বিষুৱা উৎসৱৰ কাৰ্যসূচীত মঙলবাৰে ৰাতিপুৱা 9 বজাত বিষুৱাৰ পতাকা উত্তোলন কৰে বিষুৱা উদযাপন সমিতিৰ সভাপতি ইন্দ্ৰজিৎ ৰায়ে ।

কোকৰাঝাৰত বিষুৱা উৎসৱ উদযাপন
author img

By

Published : Apr 30, 2019, 8:21 PM IST

কোকৰাঝাৰ, 30 এপ্ৰিলঃ মঙলবাৰে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত সেৰফাংগুৰী দেবৰগাঁৱত পালন কৰা হয় বিষুৱা উৎসৱ ৷ সেৰফাংগুৰী ৰামফলবিল আঞ্চলিক বিষুৱা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় চতুৰ্থ বাৰ্ষিক বিষুৱা উৎসৱ ৷ এই বিষুৱা উৎসৱৰ কাৰ্যসূচীত মঙলবাৰে ৰাতিপুৱা 9 বজাত বিষুৱাৰ পতাকা উত্তোলন কৰে বিষুৱা উদযাপন সমিতিৰ সভাপতি ইন্দ্ৰজিৎ ৰায়ে । ইয়াৰ পিছতেই শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উক্ত বিষুৱা উদযাপন সমিতিৰ সম্পাদক জয়দেৱ ৰায়ে ৷ উক্ত কাৰ্যসূচীৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে সেৰফাংগুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সৌমদন হাজোৱাৰীয়ে ৷ এই সাংস্কৃতিক শোভাযাত্ৰাত কুশান নৃত্য দল, গোৱালিনী নৃত্য দল, তিস্তাবুৰী কৃষ্টি দল, বাশ নৃত্য দলৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ৷ আনহাতে বিষুৱা উদযাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় কুইজ, কবিতা-আবৃত্তি, বিষুৱা সুন্দৰী আদিৰ প্ৰতিযোগিতাও ৷

Intro:কোকৰাঝাৰ জিলাৰ অন্তৰ্গত সেৰফাংগুৰী দেবৰগাওত মঙ্গলবাৰে সেৰফাংগুৰী ৰামফলবিল আঞ্চলিক বিষুৱা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় চতুৰ্থ বাৰ্ষিক বিষুৱা উৎসৱ।Body:এই বিষুৱা উৎসৱৰ কাৰ্যসূচী মতে মংগলবাৰে ৰাতিপুৱা ন বজাত বিষুৱাৰ পতাকা উত্তোলন কৰে বিষুৱা উদযাপন সমিতিৰ সভাপতি ইন্দ্ৰজিৎ ৰায়ে। আনহাতে শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উক্ত বিষুৱা উদযাপন সমিতিৰ সম্পাদক জয়দেব ৰায়ে। ৰাতিপুৱা দহ বজাত সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে সেৰফাংগুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সৌমদন হাজোৱাৰীয়ে।Conclusion:বিষুৱা উপলক্ষে আয়োজিত মংগলবাৰৰ এই সাংস্কৃতিক শোভাযাত্ৰাত কুশান নৃত্য দল, গোৱালিনী নৃত্য দল, তিস্তাবুৰী কৃষ্টি দল, বাশ নৃত্য দলৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰাৰ লগতে অনুষ্ঠিত হয় কুইজ, কবিতা-আবৃত্তি, বিষুৱা সুন্দৰী আদিৰ প্ৰতিযোগিতাও৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.