কোকৰাঝাৰ , 28 এপ্ৰিল : কোকৰাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ দুই সন্তানক হত্যা কৰি মাতৃয়ে কৰিলে আত্মহত্যা ৷ শনিবাৰে সন্ধিয়া ফকিৰাগ্ৰামৰ বেচিমাৰীত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড ৷
চুজুলা দাস নামৰ এগৰাকী মহিলাই স্বামী ঘৰত নথকাৰ সময়তে 2 বছৰীয়া পুত্ৰ আৰু 9 বছৰীয়া কন্যাক দাৰে ঘপিয়াই হত্যা কৰে ৷ ইপিনে হত্যাকাণ্ড সংঘটিত কৰিয়ে মাতৃ চুজুলা দাসে গাত অগ্নিসংযোগ কৰি আত্মহত্যা কৰে ৷ মহিলাগাৰাকীৰ স্বামীয়ে জনোৱামতে বিগত কিছুদিনৰ পৰাই মহিলাগৰাকীৰ লগতে পুত্ৰ সন্তানটি অসুস্থ হৈ আছিল ৷ অৱশ্যে ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও তদন্তৰ আওতাত ৷