কোকৰাঝাৰ, 15 এপ্ৰিল : কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনকলৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত ব্যাপক প্ৰচাৰ অভিযান অব্যাহত থকাৰ সময়তে বি পি এফৰ বিৰুদ্ধে গৰজি উঠিল বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্থা ৷ শাসকীয় বি পি এফ দলে জাতি-জনগোষ্ঠীৰ সমবিকাশ আৰু সমমৰ্যদাৰৰ দিশত বৈষম্য অনাৰ অভিযোগ তুলি সংগঠনটোৱে বিপিএফক ভোটদান কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় কোকৰাঝাৰৰ ৰাইজক ৷
বিটিএডিৰ অনুসূচিত জাতি সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানত বিপিএফে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ হেতুকে ইয়াৰ পোটক তুলিবলৈ বি পি এফ দলক ভোটদান কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লোৱাৰ কথা এক সংবাদমেলযোগে সদৰী কৰে ৷
লগতে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই এইবাৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সংসদীয় সমষ্টিত এবছু সমৰ্থিত ইউপিপিএলৰ দলৰ প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মক বিপুল ভোটদানৰে জয়ী কৰাৰ বাবে কোকৰাঝাৰবাসীক মুকলিকৈ আহ্বান জনায় ৷