ETV Bharat / state

ৰহস্যজনকভাবে সন্ধানহীন দিব্যাংগ যুৱতী - অখিল হিন্দী ভাষী বিকাশ পৰিষদ

কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ পৰা বিগত এসপ্তাহ ধৰি এগৰাকী দিব্যাংগ যুৱতী ৰহস্যজনকভাবে সন্ধানহীন (Divyang Minor Girl missing from Kokrajhar) ৷ পিছে এসপ্তাহৰ পিছতো নিৰুদিষ্ট যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বিভিন্ন দল সংগঠনৰ ৷

কোকৰাঝাৰত এগৰাকী দিব্যাংগ যুৱতী সন্ধানহীন হোৱাত কেবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jul 7, 2022, 9:49 AM IST

কোকৰাঝাৰ, 7 জুলাই: কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ পৰা বিগত এসপ্তাহ ধৰি এগৰাকী দিব্যাংগ যুৱতী ৰহস্যজনকভাবে সন্ধানহীন (Divyang Minor Girl missing from Kokrajhar) হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সন্ধানহীন যুৱতী গৰাকী ছালাকাটিৰ নিবাসী গুৰুচৰণ বাছফৰৰ কন্যা পিংকী বাছফৰ (২৮ ) বুলি জনা গৈছে ৷ সন্ধানহীন দিব্যাংগ যুৱতীগৰাকী কোনো অসৎ চক্ৰৰ কৱলত পৰা বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে ৷

কোকৰাঝাৰত এগৰাকী দিব্যাংগ যুৱতী সন্ধানহীন হোৱাত কেবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিক্ৰিয়া

ইতিমধ্যে পৰিয়ালৰ লোকে যুৱতীগৰাকীক বিচাৰি আৰক্ষীৰ কাষ চাপে ৷ যদিও এসপ্তাহৰ পিছতো নিৰুদিষ্ট যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে বিভিন্ন দল সংগঠনে ৷ বুধবাৰে চাফাই কৰ্মী অনুসূচিত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি (Safaikarmi Anusuchit Jati Students Union) , অখিল হিন্দীভাষী বিকাশ পৰিষদৰ (Akhil Hindi Bhashi Vikash Parishad) আৰু বিকাশ পৰিষদৰে ছালাকাটি আঞ্চলিক সমিতিৰ নেতৃবৰ্গই সংবাদমাধ্যমৰ জৰিয়তে সন্ধানহীন যুৱতী গৰাকীক আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত উদ্ধাৰ কৰাৰ দাবী জনায় জিলা আৰক্ষী প্ৰশাসনক ৷

অন্যথা কোকৰাঝাৰ জিলাৰ চাফাই কৰ্মীয়ে জিলাখনত চাফাই কাম বন্ধ ৰখাৰ লগতে চাফাই কৰ্মী সকল ৰাজপথত ওলাই আহিবলৈ বাধ্য হ’ব বুলি জিলা প্ৰশাসনক সকীয়াই দিয়ে ৷ লগতে ঘটনাটোত মুখ্যমন্ত্ৰী আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহীৰ হস্তক্ষেপৰো দাবী জনায় ছাত্ৰ সংগঠন কেইটাৰ নেতৃবৰ্গই ৷

লগতে পঢ়ক: অসমৰ একাংশক বাদ দিলে আমি সকলোৱে খিলঞ্জীয়া: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.