কোকৰাঝা, 15 মাৰ্চঃ কোকৰাঝাৰ জিলাৰ বালাগাঁৱস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চিআইটিৰ সমীপত শনিবাৰৰ নিশা সংঘটিত হয় ভয়াৱহ পথ দূৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত হয় নাথ যোগী ছাত্ৰ সন্থাৰ সদস্য তথা মঞ্চৰগাঁও নিৱাসী বঙ্কিম নাথ ৷ ছাত্ৰ নেতা জনৰ মৃত্যুই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলজুৰি ৷
খবৰ অনুসৰি, মঞ্চৰগাঁও নিৱাসী ফাগুনা নাথৰ সন্তান বঙ্কিম নাথে তেওঁৰ আন তিনি সতীৰ্থৰ সতে চিআইটিত চলি থকা সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰাৰ বাবে চাইকেলেৰ গৈ আছিল । নিশা ১০:৩০ মান বজাত তেওঁলোকে চাইকেলেৰে গৈ থকা অৱস্থাত বালাজান তিনালীৰ পৰা কোকৰাঝাৰ অভিমুখী AS- 16-AC-1538 নম্বৰৰ তীব্ৰবেগী বলেৰ' পিকআপ ভানে বঙ্কিম নাথক পিছপিনৰ পৰা খুন্দা মাৰে । প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত বঙ্কিম নাথ চিটিকি পৰে আৰু গুৰুতৰভাৱে আহত হয় ।
ইয়াৰোপৰি দলটোত থকা প্ৰদীপ নাথ (২০) ,ক্ষীৰেন নাথ(২২) আৰু কামিনী নাথ(১৯)ও কম বেছি পৰিমাণে আহত হয় । গুৰুতৰভাৱে আহত হোৱা বঙ্কিম নাথক প্ৰথমে কোকৰাঝাৰ এমআৰএম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৱাৰ আছাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু বঙাইগাঁৱত চিকিৎসাধীন হৈ থকা মৃত্যুক আকোৱালি লয় ছাত্ৰ নেতাজনে ।
আনহাতে দূৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা গাড়ীখনক দেওবাৰে আৰক্ষীয়ে বিশেষসূত্ৰেৰ পম খেদি জব্দ কৰাৰ লগতে গাড়ীচালককো আটক কৰে । নাথ যোগী ছাত্ৰ সন্থাৰ নিষ্ঠাবান কৰ্মী বঙ্কিম নাথৰ অকাল মৃত্যুৰ খবৰ পোৱাৰ লগে লগে নাথ যোগী জনগোষ্ঠীৰ বহুসংখ্যক লোকে মৃতকৰ ঘৰত ভিৰ কৰে আৰু মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে বঙ্কিম নাথৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।
আৰু পঢ়কঃ বিটিআৰ চুক্তিৰ কোনো আইনী বা সাংবিধানিক বৈধতা নাইঃ চন্দন ব্ৰহ্ম