কচুগাঁও, 18 মাৰ্চঃ তুংগত উঠিছে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ ৷ বিটিচি নিৰ্বাচনক লৈ সাজু ৰাজনৈতিক দলসমূহ ৷ বুধবাৰে কচুগাঁও খেল পথাৰত বড়োলেণ্ড ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় বিশাল যুৱ সমাৰোহৰ ৷ এই সমোৰোহত অংশগ্ৰহণ কৰে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্ম, মৃত্যুঞ্জয় নাৰ্জাৰী, গুমা, শ্ৰীৰামপুৰ আৰু যমদুৱাৰ সমষ্টিৰ প্ৰাৰ্থীসহ বহু সংখ্যক শীৰ্ষ পৰ্যায়ৰ নেতা আৰু কেইবা সহস্ৰাধিক লোক ৷ এই নিৰ্বাচনী প্ৰচাৰ সভাত এনডিএফবি, ইউপিপিএল, কংগ্ৰেছ আদি দলৰ পৰা তিনি সহস্ৰাধিক লোকে আজি বিপিএফত যোগদান কৰে ৷
লগতে পঢ়কঃ ৰাজ্যসভাঃ অজিত ভূঞা, ভুৱনেশ্বৰ কলিতা, বিশ্বজিৎ দৈমাৰীক বিজয়ী ঘোষণা