ETV Bharat / state

Sahitya Akademi Award: ড৹ ইন্দিৰা বড়োৰ নাম সাহিত্য অকাডেমী বঁটাৰ বাবে ঘোষণা

author img

By

Published : Jun 24, 2022, 10:14 PM IST

বিশিষ্ট সাহিত্যিক, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ডীন-অধ্যাপিকা ড৹ ইন্দিৰা বড়োলৈ(Professor Indira Boro) সাহিত্য অকাডেমী বঁটা ৷ এই খবৰে আনন্দৰ বন্যা বোৱাইছে বড়োভূমিত ৷ ৩২ খন ভিন্নধৰ্মী উপন্যাস, শিশু সাহিত্য, কবিতা পুথি, ডেৰ সহস্ৰাধিক গীতৰ গীতিকাৰ ড৹ ইন্দিৰা বড়োলৈ এই সন্মান আগবঢ়োৱা হৈছে ‘হিড়িম্বা’ নামৰ উপন্যাসখন বড়ো ভাষালৈ অনুবাদ কৰাৰ বাবে ৷

Sahitya Akademi Award
ড৹ ইন্দিৰা বড়োৰ নাম সাহিত্য অকাডেমী বঁটাৰ বাবে ঘোষণা

কোকৰাঝাৰ, ২৪ জুন: বিশিষ্ট সাহিত্যক, গীতকাৰ তথা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ ডীন তথা অধ্যাপিকা ড৹ ইন্দিৰা বড়োৰ নাম সাহিত্য অকাডেমী বঁটাৰ বাবে ঘোষণা কৰা হৈছে (Sahitya Akademi Award to Indira Boro) ৷ বিশিষ্ট সাহিত্যিক জয়ন্তী গগৈৰ দ্বাৰা অসমীয়া ভাষাত ৰচিত হিড়িম্বা(Novel Hidimba) নামৰ উপন্যাসখন বড়ো ভাষালৈ অনুবাদ কৰাৰ বাবে ড৹ ইন্দিৰা বড়োৰ নাম সাহিত্য অকাডেমী বঁটাৰ বাাবে নিৰ্বাচিত হৈছে ৷

এই বতৰাক লৈ বিটিআৰৰ সদৰ কোকৰাঝাৰৰ লগতে সমগ্ৰ বড়োভূমিতে আনন্দৰ বন্যা বৈছে ৷ ইপিনে সাহিত্য অকাডেমী বঁটাৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাফল্যতাৰ খবৰ লাভ কৰি অতিকৈ আনন্দিত আৰু উৎফুল্লিত হৈ পৰা বুলি কোকৰাঝাৰ চহৰৰ মাইবং নগৰৰ নিবাসী ড৹ ইন্দিৰা বড়োই শুকুৰবাৰে সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰে ৷ ড৹ ইন্দ্ৰিৰা বড়োই কয় যে, সাহিত্য অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত হোৱা তথা তেওঁৰ এই সাফল্যত পিতৃ, মাতৃ আৰু পেহীয়েক সুনিতি বসুমতাৰীৰ যথেষ্ট অৰিহণা আছে ৷

উল্লেখ্য যে, এতিয়ালৈকে তেওঁৰ ৩২ খন বিভিন্ন উপন্যাস, গল্প সংকলন, কবিতা পুথি, চুটি গল্প পুথি আৰু শিশু সাহিত্যৰ গ্ৰন্থ প্ৰকাশ পাইছে ৷ তদুপৰি আন কেইবাখনো গ্ৰন্থ প্ৰকাশৰ পথত থকা বুলি ড৹ বড়োই জানিবলৈ দিয়ে ৷ সাহিত্য ৰচনাৰ উপৰিও ড৹ ইন্দিৰা বড়োই গীত লিখিও ভাল পায় ৷ এতিয়ালকৈ তেওঁ বড়ো, অসমীয়া আৰু হিন্দী ভাষাত ডেৰ সহস্ৰাধিক গীত লিখি উলিয়াইছে৷

উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাছত আকাশবাণী গুৱাহাটীৰ বাবে ২৫ টা গীত ৰচনা কৰি দিছিল বুলি সদৰি কৰে ড৹ ইন্দিৰা বড়োই ৷ গায়িকা হোৱাৰো হেপাঁহ আছিল যদিও সুযোগ নোপোৱাত গীত লিখাত আৰু সাহিত্য ৰচনা কৰাত নিজকে মনোনিৱেশ কৰা বুলি ড৹ ইন্দিৰা বড়োই মন্তব্য কৰে ৷

উল্লেখ্য যে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ(Bodoland University) বড়ো বিভাগৰ ডীন তথা অধ্যাপিকা ড৹ ইন্দিৰা বড়ো কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা সুশান্ত নাৰ্জাৰীৰ সহধৰ্মিনী ৷ কোকৰাঝাৰ চহৰত অনুষ্ঠিত হোৱা এখন গ্ৰন্থমেলাত জয়ন্তী গগৈৰ দ্বাৰা অসমীয়া ভাষাৰ ৰচিত হিড়িম্বা নামৰ উপন্যাসখন ক্ৰয় কৰি পঢ়া পাছতে আপ্লুত হৈ ড৹ ইন্দিৰা বড়োই বড়ো ভাষালৈ উপন্যাসখন অনুবাদ কৰিবলৈ সংকল্প লৈছিল ৷

লগতে পঢ়ক: IB Director : ভাৰতীয় চোৰাংচোৱাৰ সঞ্চালকৰ পদত অসমৰ তপন কুমাৰ ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.