ETV Bharat / state

Santosh Trophy 2022: কোকৰাঝাৰত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি - IFA

অহা ২৮ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ কোকৰাঝাৰত অনুষ্ঠিত হ'ব ৭৬ সংখ্যক সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ গ্ৰূপ ৩ ৰ খেল(76th Santosh Trophy at Kokrazar)। উক্ত প্ৰতিযোগিতাত ঘৰুৱা দল অসমৰ উপৰি অৰুণাচল প্ৰদেশ,তামিলনাডু, গোৱা, নাগালেণ্ড আৰু উত্তৰ প্ৰদেশে অংশগ্ৰহণ কৰিব কৰিব ।

Santosh Trophy at Kokrazar
৭৬ সংখ্যক সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা
author img

By

Published : Dec 24, 2022, 1:25 PM IST

৭৬ সংখ্যক সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা

কোকৰাঝাৰ , ২৪ ডিচেম্বৰ: বিটিআৰৰ সদৰ কোকৰাঝাৰত অহা ২৮ ডিচেম্বৰৰ পৰা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ৭৬ সংখ্যক সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা (Preparation of Santosh Trophy at Kokrazar)। সেইবাবে সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নৰ গ্ৰুপ ৩ ৰ লীগ খেলক লৈ ব্যাপক প্ৰস্তুতি চলিছে ৷

উল্লেখ্য় যে কোকৰাঝাৰ চহৰৰ কঠালগুৰীস্থিত ছাই ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত অহা ২৮ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ এই প্ৰতিযোগতাখনৰ গ্ৰূপ ৩ ৰ খেল অনুষ্ঠিত হ'ব (76th Santosh Trophy at Kokrazar)। উক্ত প্ৰতিযোগিতাত ঘৰুৱা দল অসমৰ উপৰি অৰুণাচল প্ৰদেশ, তামিলনাডু, গোৱা, নাগালেণ্ড আৰু উত্তৰ প্ৰদেশে অংশগ্ৰহণ কৰিব কৰিব বুলি আয়োজক অসম ফুটবল সন্থাই সদৰি কৰিছে ৷

Santosh Trophy at Kokrazar
৭৬ সংখ্যক সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা

ইপিনে, সন্তোষ ট্ৰফীত অংশগ্ৰহণ কৰিবলগীয়া অসম দলৰ বাছনিক লৈ ইতিমধ্যে কোকৰাঝাৰত এক প্ৰশিক্ষণ আৰম্ভ হৈছে (Santosh Trophy training in Kokrajhar)। উক্ত শিবিৰত বিভিন্ন প্ৰান্তৰ ১২৭ গৰাকী ফুটবল খেলুৱৈয়ে অংশ লৈছে । ইয়াৰে ভিতৰত ৪৪ গৰাকী খেলুৱৈক বাছনি কৰি অনুশীলন আৰম্ভ কৰা হৈছে ৷ এই অনুশীলনত অংশগ্ৰহণ কৰা ৪৪ গৰাকী খেলুৱৈৰ ভিতৰত পাৰদৰ্শিতা দেখুউওৱা ২২ গৰাকীক অসম দলৰ বাবে বাছনি কৰা হ'ব ৷ উল্লেখ্য যে,সন্তোষ ট্ৰফীৰ গ্ৰূপ ৩ খেলৰ বাবে অসম দলটোক সাজু কৰি তুলিবলৈ কোকৰাঝাৰ ছাই ক্ৰীড়া প্ৰকল্পত ভাৰতৰ আগশাৰী ফুটবল প্ৰশিক্ষক বি শৰ্মাসহ আন তিনিগৰাকী প্ৰশিক্ষকে খেলুৱৈসকলক অনুশীলন কৰাইছে ৷

অসম ফুটবল সন্থাৰ সম্পাদক হেমেন্দ্ৰ নাথ ব্ৰহ্মই এইবেলি সন্তোষ ট্ৰফী ফুটবলৰ গ্ৰুপ খেলত অসম দলে প্ৰত্যাহ্বান আনিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰিছে । উল্লেখ্য যে,কোকৰাঝাৰ ছাই ক্ৰীড়া প্ৰকল্পত অসম দলৰ বাছনিক লৈ চলি থকা অনুশীলনৰ মাজতে সন্তোষ ট্ৰফীত অংশগ্ৰহণ কৰিবলগীয়া অসম দলটোৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ জেলছাৰ এফ চিৰ এখন প্ৰীতি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ এই খেলখনত অসমে জেলছাৰ এফ চি দলক ৬-০ গ’লৰ ব্যৱধানত পৰাজিত কৰে ।

উল্লেখ্য় যে সন্তোষ ট্ৰফী প্ৰতিযোগিতা হৈছে পুৰুষৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ । দেশৰ ৰাজ্যিক ফুটবল সংস্থাৰ মাজত এই ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত হয় । এই প্ৰতিযোগিতাখনি অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ দ্বাৰা আয়োজিত আৰু পৰিচালিত (All India Football Federation)। 1996 চনলৈকে এই প্ৰতিযোগিতাখনি ভাৰতৰ সৰ্বোচ্চ ফুটবল লীগ আছিল । প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা বাছনি কৰাৰ পিছত অন্তিম পৰ্যায়টো অনুষ্ঠিত কৰা হয় । প্ৰতিযোগিতাখনৰ নাম সন্তোষ মন্থনাথ ৰায়চৌধুৰীৰ নামেৰে নামকৰণ কৰা হৈছে । তেওঁ ইণ্ডিয়ান ফুটবল এছ'চিয়েচনৰ (IFA) প্ৰাক্তন সভাপতি আছিল ।

লগতে পঢ়ক:Volleyball competition in Tinsukia: তিনিচুকীয়াত ভলীবল প্ৰতিযোগিতাৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.