ETV Bharat / state

ৰাজেন সিঙক ক্লীনশ্বিট প্ৰদান এগৰাকী মন্ত্ৰীৰ ! - kokrajhar sp rajen singh

আৰক্ষী অধীক্ষক ৰাজেন সিঙে দণ্ডাধীশ শৈলেন দাসক শাৰিৰীকভাৱে অপদস্থ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যোৱা দহ ছেপ্টেম্বৰত কোকৰাঝাৰৰ হোটেল গৌৰাংভেলীত সঘটিত হৈছিল এই ঘটনা ৷ তাৰ পাচতেই সংবাদ মাধ্যমক এইয়া দুজন বন্ধুৰ মাজৰ কাজিয়া বুলি উল্লেখ কৰে ৰাজেন সিঙে ৷ এই ঘটনাৰ তদন্ত ঘোষণা কৰি নামনি অসমৰ আয়ুক্ত মিনাক্ষী সুন্দৰমক তদন্তৰ দায়িত্ব অৰ্পন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ক্লীনশ্বিট প্ৰদান কৰিছে ৰাজেন সিঙক ৷

ৰাজেন সিঙক ক্লীনশ্বিট প্ৰদান এগৰাকী মন্ত্ৰীৰ
author img

By

Published : Sep 23, 2019, 7:23 PM IST

ধুবুৰী, ছেপ্টেম্বৰ 23 : কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে দণ্ডাধীশ শৈলেন দাসক শাৰিৰীকভাৱে অপদস্থ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে এই ঘটনাৰ তদন্ত ঘোষণা কৰি নামনি অসমৰ আয়ুক্ত মিনাক্ষী সুন্দৰমক তদন্তৰ দায়িত্ব অৰ্পন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কিন্তু সেই সময়তে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে ক্লীনশ্বিট প্ৰদান কৰে আৰক্ষী অধীক্ষক ৰাজেন সিঙক ৷ আনহাতে এই ঘটনাক লৈ শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ'ল জিলাখনৰ এ চি এছ এচ'ছিয়েচনে ৷

ৰাজেন সিঙক ক্লীনশ্বিট প্ৰদান

উল্লেখ্য যে, যোৱা দহ ছেপ্টেম্বৰত কোকৰাঝাৰৰ হোটেল গৌৰাংভেলীত সঘটিত হৈছিল এই ঘটনা ৷ তাৰ পাচতেই সংবাদ মাধ্যমক এইয়া দুজন বন্ধুৰ মাজৰ কাজিয়া বুলি উল্লেখ কৰে ৰাজেন সিঙে ৷ আনহাতে তদন্তৰ অন্তত কোন দোষী সেইয়া নিশ্চিত হ'ব বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ক্লীনশ্বিট প্ৰদান কৰিছে ৰাজেন সিঙক ৷ সোমবাৰে ধুবুৰীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজেন সিং ভাল আৰু ধৈৰ্যশীল মানুহ ৷ সকলো মানুহৰ উপকাৰ কৰিবলৈ চেষ্টা কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ আনহাতে দহ ছেপ্টেম্বৰত যি ঘটনা হৈছিল আৰু যিজনক প্ৰহাৰ কৰিছিল তেওঁ অলপ খাই বেছিকৈ অতিৰঞ্জিত কৰাৰ বাবেই এনেকুৱা ঘটনা হৈছে ৷ এতিয়া প্ৰশ্ন হয়, ঘটনাৰ তদন্ত শেষ নৌহওঁতেই এগৰাকী মন্ত্ৰীয়ে ৰাজেশ সিঙক ক্লীনশ্বিট প্ৰদান কৰাতো কিমান যুক্তি সংগত ৷

এ চি এছ এচ'ছিয়েচৰ প্ৰতিবাদ

আনহাতে, ৰাজেন সিঙৰ এই কাণ্ডক লৈ শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে এ চি এছ এচ'ছিয়েচনে ৷ সদস্যসকলে ক'লা বেজ পৰিধান কৰি আৰক্ষী অধীক্ষকজনৰ এই কাৰ্যক গৰিহণা দিয়া পৰিলক্ষিত হয় ৷

Intro: কোকৰাঝাৰ কাণ্ডৰ পিছতেই সমগ্ৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এগৰাকী আৰক্ষী অধীক্ষকে ৰাজহুৱা ভাবে মাৰপিট কৰি অপদস্ত কৰা ঘটনাৰ তদন্ত চলি থকাৰ সময়তে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে এশ শতাংশ ক্লিনছিড দিলে আৰক্ষী অধীক্ষক ৰাজেন সিঙক। পিছে এগৰাকী দণ্ডাধীশক মাৰপিট কৰা ৰাজেন সিঙক কোন মন্ত্ৰীয়ে দিলে দিলে ক্লিনছিড।

Body:

#( কোকৰাঝাৰৰ পৰা পঠিওৱা ফাইল ফুটেজ লগাব )#

যোৱা দহ ছেপ্টেম্বৰৰ নিশা কোকৰাঝাৰৰ এখন হোটেলত জিলা প্ৰশাসনে আয়োজন কৰা অনুষ্ঠানত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে জিলাখনৰ কাৰ্যবাহী দণ্ডাধীশ ডo শৈলেন দত্ত দাসক ৰাজহুৱাকৈ মাৰপিট কৰি চৰম ভাবে অপদস্ত কৰিছিল। অৱশ্যে এই ঘটনা বহু পলমকৈ দুদিন পূৰ্বে সংবাদ মাধ্যমত চি চি কেমেৰাৰ ফুটেজ লৈ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই ৰাজ্যজুৰি আলোড়ন সৃষ্টি হোৱাৰ বিপৰীতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইপিনে এই ঘটনাৰ পিছতেই জিলা আৰক্ষী অধীক্ষকে এয়া দুই সমনীয়া বন্ধুৰ কাজিয়া বুলি দাবী কৰিছে যদিওঁ এক উচ্চ পৰ্য্যায়ৰ তদন্ত চলি আছে। ঘটনাত কোন দোষী সেয়া নিৰপেক্ষ তদন্তৰ পিছত স্পষ্ট হব। যদিওঁ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙক ক্লিনছিড দিলে বি পি এফৰ জ্যেষ্ঠ নেত্ৰী তথা অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলাৰণী ব্ৰহ্মই। সোমবাৰে ধুবুৰীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয়ঃ এছ পি ৰাজেন সিং ভাল আৰু ধৈৰ্য্যশীল মানুহ। সকলো মানুহৰ উপকাৰ কৰিবলৈ চেষ্টা কৰে। লগতে সেইদিনা যি ঘটনা হৈছে আৰু যিজনক মাৰিছে তেওঁ অলপ খাই বেছিকৈ অতিৰঞ্জিত কৰাৰ বাবেই এনেকুৱা ঘটনা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

Byte:- প্ৰমিলাৰণী ব্ৰহ্ম।

Conclusion: প্ৰশ্ন হয়, তদন্ত চলি থকাৰ সময়তে মন্ত্ৰী প্ৰমিলাৰণী ব্ৰহ্মই আৰক্ষী অধীক্ষক ৰাজেন সিঙক ক্লিনছিড দিয়াটো কিমানদূৰ যুক্তিসংগত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.