ETV Bharat / state

কাৰ হাতলৈ যাব বিটিচিৰ বাঘজৰী ?

কোন বহিব বিটিচিৰ ৰাজপাটত ? পুনৰ হাগ্ৰামা মহিলাৰী হ’ব নেকি বিটিচি প্ৰধান ? নে হাগ্ৰামাৰ অংকত আউল লগাই প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএলে গঠন কৰিব পৰিষদীয় চৰকাৰ ৷ জল্পনা-কল্পনা চলিছে বিটিচিত ৷ বিটিচিৰ চৌদিশে এতিয়া কেৱল নিৰ্বাচনৰ ঢৌ ৷

btc election
btc election
author img

By

Published : Nov 19, 2020, 9:56 PM IST

কোকৰাঝাৰ, 19 নবেম্বৰ : বড়ো ভূমিত বলিছে পৰিষদীয় নিৰ্বাচনৰ গৰম বতাহ ৷ এফালে পৰিৱৰ্তন দৰকাৰ ইউপিপিএল চৰকাৰ গীতৰ তালে তালে প্ৰমোদ বড়ো আৰু সমৰ্থকৰ নৃত্য,আৰু আনফালে হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ বাক্ যুদ্ধ ৷ প্ৰৱল গতিত চলিছে নিৰ্বাচনী প্ৰচাৰ ৷ তাৰ সমান্তৰালভাৱে চলিছে বোকা চটিওৱা ৰাজনীতি ৷

ইউপিপিএল, বিজেপিয়ে উভয়েই হাগ্ৰামা মহিলাৰীৰ 17 বছৰীয়া শাসনকালৰ ওপৰত প্ৰশ্ন তুলিছে ৷ বিপিএফৰ দিনত হোৱা উন্নয়নক লৈ প্ৰশ্ন কৰিছে বিৰোধীয়ে ৷ উত্তৰত হাগ্ৰামাই বিভিন্ন যুক্তি দিছে যদিও বিৰোধীক যেন পতিয়ন নিয়াব পৰা নাই ৷ তাৰ মাজতে এটা খবৰে আচৰিত কৰিছে সকলোকে ৷ ফাঁট মেলিছে বিজেপি-বিপিএফৰ সম্পৰ্কত ৷ হাগ্ৰামা আৰু হিমন্তৰ বাক যুদ্ধই যেন প্ৰমাণ কৰিছে এই কথা ৷

আনহাতে,হাগ্ৰামা মহিলাৰীয়ে বিগত সময়চোৱাত বিটিচি ৰাইজক ঠগন দিয়াৰ লগতে কেৱল দুৰ্নীতিয়েই কৰিলে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো এক প্ৰকাৰ নিশ্চিত হৈ আছে, বড়ো ভূমিৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে, সেই গতিকে এইবাৰ ৰাইজে ইউপিপিএলকেই জয়ী কৰাব নিৰ্বাচনত ৷

কোন বহিব বিটিচিৰ ৰাজপাটত

মিত্ৰতা এৰি অকলেই বিটিচি নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি দলেও দাবী কৰিছে যে, এইবাৰ বিজেপি দলেই বহিব বিটিচিৰ মছনদত ৷ নিৰ্বাচন আয়োগে বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই এতিয়া বিটিচিত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰৰ ধুম ৷ বিপিএফ, ইউপিপিএল, বিজেপি, গণ সুৰক্ষা পাৰ্টী আদি সকলো দলেই নামি পৰিছে যুঁজত ৷

কোন বহিব বিটিচিৰ ৰাজপাটত ? পুনৰ হাগ্ৰামা মহিলাৰী হ’ব নেকি বিটিচি প্ৰধান ? নে হাগ্ৰামাৰ অংকত আউল লগাই প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএলে গঠন কৰিব পৰিষদীয় চৰকাৰ ৷ বিজেপিৰ কি হ’ব ৷ বিজেপি যদি জয়ী হয়, বিপিএফৰে মিত্ৰতা ৰ’বগৈ নে, কাৰ বাবে সহায়ক হ’ব বিজেপি ? এই সকলো পৰিস্ফুট হ’ব 12 ডিচেম্বৰত ৷

লগতে পঢ়ক : সম্পূৰ্ণ অনাময়ৰ উদ্দেশ্য়েৰে বিশ্ব শৌচালয় দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.