কোকৰাঝাৰ, 31 মে': দেওবাৰে কোকৰাঝাৰ বন বিভাগৰ লোকে উল্টাপানী বন সীমাৰ অন্তৰ্গত 6 নং লুংসুং লাওপানী এলেকাৰ পৰা হৰিণসহ তিনিজন অভিযুক্ত চোৰাং চিকাৰীক আটক কৰে ৷ বন বিভাগৰ তথ্য অনুসৰি, উল্টাপানী আৰু গৌৰাং ৰেঞ্জ কাৰ্যালয়ৰ একাংশ বিষয়াৰ তত্বাৱধানত যোৱা এটা দলে আটক কৰে অভিযুক্ত চোৰাং চিকাৰী কেইজনক ৷ চিকাৰী কেইজন আটক কৰাৰ লগতে দলটোৱে এটা মৃত হৰিণো উদ্ধাৰ কৰে ৷
উল্লেখ্য চিকাৰী কেইজনৰ পৰা দুটা হস্ত নিৰ্মিত বন্দুকৰ লগতে জাল, চোকা অস্ত্ৰ আদিও উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগৰ লোকে ৷ আটকাধীন লোককইজন চিব্ৰাই চোৰেণ, ভাৰত হেম্ব্ৰাম আৰু জালেম ইছলাৰী বুলি চিনাক্ত কৰা হৈছে ৷