ETV Bharat / state

কংগ্ৰেছে জনগোষ্ঠীৰ মাজত সংঘাতৰ সৃষ্টি কৰে : প্ৰধানমন্ত্ৰী মোদী - প্ৰধানমন্ত্ৰী মোদী

বৃহস্পতিবাৰে কোকৰাঝাৰত ইউপিপিএলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ কংগ্ৰেছৰ মহাজোঁটবন্ধনক সমালোচনা কৰি অসমৰ ভোটাৰ ৰাইজে বিজেপিক পূৰ্ণ সমৰ্থন দিয়া বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

pm-narendra-modi-election-campaign
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচাৰ
author img

By

Published : Apr 1, 2021, 7:54 PM IST

কোকৰাঝাৰ,1 এপ্ৰিল : কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত বৃহস্পতিবাৰে ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰী, মনোৰঞ্জন ব্ৰহ্ম আৰু সোমনাথ নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচাৰ

বিশাল নিৰ্বাচনী সভাত কংগ্ৰেছৰ মহাজোঁটবন্ধনক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ এইবাৰ কংগ্ৰেছ মহাজোঁটৰ মহা পৰাজয় হ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, "কংগ্ৰেছ দলে কেৱল এটা জনগোষ্ঠীৰ বিৰুদ্ধে আন এটা জনগোষ্ঠীক উচতাই সংঘাতৰ সৃষ্টি কৰে ৷ নিজে নিৰাপদ দূৰত্বত অৱস্থান কৰি ৰং চাই থাকে ৷ কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰে ৷"

কিন্তু বিজেপি দল কাম কৰা দল বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, "অসমৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ভোটাৰ ৰাইজে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰতি পূৰ্ণ সমৰ্থন দিছে ৷ আমি নিশ্চিত যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতো বিজেপি মিত্ৰজোঁটৰ সপক্ষে ভোট দিব অসমৰ ৰাইজে" ৷

উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, পূব কোকৰাঝাৰ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰী, পশ্চিম কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্ম আৰু গোসাইগাঁও সমষ্টিৰ সোমনাথ নাৰ্জাৰী, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, বিজেপি বিধায়ক অশোক সিংঘাল আৰু ইউপিপিএলৰ সম্পাদক ৰাজু নাৰ্জাৰী ৷

লগতে পঢ়ক : জনতা ভৱনৰ পৰা পোনপটীয়া নিৰীক্ষণত ৫০ শতাংশ ভোটকেন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.