কোৰাঝাৰ, 02 মেঃ কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় 15 কি.মি. নিলগৰ পাঁচকলজৰা গাঁৱৰ এটা পৰিয়ালৰ হৃদয় বিদাৰক কাহিনী ৷ মৃত্যুৰ স'তে যুজিছে এহাল দম্পতিয়ে ৷
জানিব পৰা মতে দেবেন সূত্ৰধৰ আৰু মনতি সূত্ৰধৰ দুই স্ত্ৰী-স্বামীৰ সংসাৰ ভালকৈ শান্তিৰে চলি আছিল ৷ কিন্তু প্ৰায় 10 মাহ ধৰি বিচনাতে কটাব লগীয়া হৈছে দেবেন সূত্ৰধৰে ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি যোৱা 2018 চনৰ জুন মাহত কোকৰাঝাৰত হোৱা এটা পথ দুৰ্ঘটনাত দেবেনৰ এখন ভৰি ভাঙি গৈছিল ৷ ইয়াৰ পাচতে বঙাইগাঁৱৰ আছাম চিকিৎসালয়ত চিকিৎসা কৰি দেবেন সূত্ৰধৰৰ ভৰিৰ প্লাষ্টাৰ কৰা হৈছিল ৷ ইপিনে নিজৰ ঘৰৰ মাটি-ভেটি বিক্ৰী কৰি দেবেন সূত্ৰধৰৰ চিকিৎসা কৰোৱা হৈছিল যদিও টকাৰ অভাৱত চিকিৎসা আধৰুৱা কৰি ঘৰলৈ উভতি আহিছিল লোকজন ৷ যাৰ ফলত এতিয়া বিচনাতে কটাব লগীয়া হৈছে লোকজনে ৷
আনহাতে দেবেনৰ পত্নী মনতিও যকৃত আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ কোকৰাঝাৰ আৰ.এন.বি. অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি আছিল যদিও একেদৰে টকাৰ অভাৱত চিকিৎসা আধৰুৱা হৈ ৰয় ৷ যাৰ ফলত যকৃতত পানী জমা হৈ অস্বাভাৱিক ভাৱে মনতিৰ পেটটো ফুলি উঠিছে ৷ কোনো সন্তানৰ মুখ নেদেখা দম্পতিয়ে নিজৰ চিকিৎসা কৰিবৰ বাবে কোনো পথ দেখা পোৱা নাই বুলি দেবেনৰ মাতৃয়ে জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি বৃদ্ধ মাকে এতিয়া দিন হাজিৰা কৰি পুত্ৰ আৰু বোৱাৰীক চোৱা-চিতা কৰিব লগীয়া হৈছে ৷ প্ৰশ্ন হয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনিয়ে কেতিয়াবা ঢুকি পাব নে এই দুৰ্ভগীয়া পৰিয়ালটোক ৷