কোকৰাঝাৰ, 22 নৱেম্বৰঃ কোকৰাঝাৰত পেৰাগ্লাইডিংৰ প্ৰশিক্ষণত গ্ৰহণ কৰি থকা সময়তে ওপৰৰ পৰা পৰি মৃত্যু হয় এজন খেলুৱৈৰ ৷ কোকৰাঝাৰৰ চক্ৰ ছিলা অভয়াৰণ্যৰ দাংডফুৰ পাহাৰত পেৰাগ্লাইডিংৰ প্ৰশিক্ষণ কৰি আছিল খেলুৱৈজনে ৷
খবৰ অনুসৰি, কোকৰাঝাৰৰ এটা দলে মিজোৰামত হ'ব লগা ৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে অনুশীলন চলাই আছিল। তেনে সময়তে কোকৰাঝাৰৰ বাছবাৰী দাওখিবাৰী গাঁৱৰ দানস্বৰাং বসুমতাৰী নামৰ খেলুৱৈজন ওপৰৰ পৰা পৰি অকাল মৃত্যুক সাৱটি লয়।
উল্লেখ্য যে, মৃত্যু হোৱা দানস্বৰাং বসুমতাৰী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন পেৰাগ্লাইডিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।
লগতে চাওকঃমৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ বাহনত আক্ৰমণ কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ