ETV Bharat / state

তুংগত কোকৰাঝাৰ সমষ্টি দখলৰ যুঁজ - election

শুকুৰবাৰে এফালে বি পিএফ, এ আই ইউ ডি এফ আৰু আদিবাসী জনগোষ্ঠীৰ পৰা প্ৰায় পাঁচ শতাধিক দলীয় কৰ্মী, সমৰ্থকে ইউ পি পি এলত যোগদান কৰাৰ বিপৰীতে আনফালে এম এল এ ৰাবিৰাম নাৰ্জাৰীৰ নেতৃত্বত চিটিলাত ফাঁকিৰাগ্ৰাম ব্লক বিপিএফৰ এক নিৰ্বাচনী প্ৰচাৰ কমিটি গঠন । কোকৰাঝাৰ সমষ্টি উদ্ধাৰৰ বাবে সৰৱ হৈ নিৰ্বাচনী নিজ নিজ দলৰ হৈ প্ৰচাৰত ব্যস্ত হাগ্ৰামা আৰু ইউ জি ব্ৰহ্ম৷

ইউ জি ব্ৰহ্ম
author img

By

Published : Mar 30, 2019, 12:27 AM IST

কোকৰাঝাৰ,29মাৰ্চ: নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এইবাৰ অতি চৰ্চিত কোকৰাঝাৰ সমষ্টিৰ আসন দখলৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰত নামিছে বিটিএডিৰ দুই ৰাজনৈতিক দল হাগ্ৰামা পন্থী বিপিএফ আৰু ইউ জি ব্ৰহ্মৰ ইউ পি পি এলয়ে । শুকুৰবাৰে অনুষ্ঠিত এক সভাত বি পিএফ, এ আই ইউ ডি এফ আৰু আদিবাসী জনগোষ্ঠীৰ প্ৰায় পাঁচ শতাধিক দলীয় কৰ্মী-সমৰ্থকে ইউ পি পি এল দলত যোগদান কৰে।

কোকৰাঝাৰ লোকসভা সমষ্টি উদ্ধাৰৰ দৌৰত হাগ্ৰামা বনাম ইউ জি ব্ৰহ্ম

এই যোগদান সভাত ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মই প্ৰচাৰ চলাই হাগ্ৰামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰে৷ বিশেষকৈ কচুগাঁও বনাঞ্চলৰ মূল্যবান শাল গছ কাটি এবছু আৰু এন ডি এফয়ে ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰিছে বুলি বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যি অপপ্ৰচাৰ চলাইছে তাৰ প্ৰত্যুত্তৰত তেওঁ হাগ্ৰামাক তদন্তৰ আহ্বান জনায়৷ লগতে তেওঁ কয় যে হাগ্ৰামা মহিলাৰী শাসনত যদি কোনোবাই গছ কাটিছে তাৰ বাবে হাগ্ৰামা নিজে জগৰীয়া। কিয়নো বি টি চিৰ শাসনত আছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধিন বি পি এফ দল । গতিকে বনাঞ্চল ৰক্ষা কৰাটো হাগ্ৰামাৰ দায়িত্ব বুলি ইউ জি ব্ৰহ্মাই মন্তব্য কৰে ।

Intro:নিৰ্বাচনী প্ৰচাৰ তুংগত কোকৰাঝাৰ, বিপিএফ আৰু ইউ পি পি এলযে কোকৰাঝাৰ লগ সভা সমিষ্ট ক উদ্ধাৰৰ বাবে নামিছে অঞ্চলত।।

Body:নিৰ্বাচন চমু চাপি অহা লগে লগে এইবাৰ অতি চৰ্চিত কোকৰাঝাৰ আখনক উদ্ধাৰৰ বাবে বিয়াপক নিৰ্বাচনী প্ৰচাৰত নামিছে বিটিএডি ৰ দুই ৰাজনীতি দল হাগ্ৰামা পন্থী বিপিএফ আৰু উ জি ব্ৰহ্মা ৰ ইউ পি পি এলযে । ক্ৰমাৎ দেখিবলৈ পোৱা গৈছে নেতাৰ বাক যুধ্যৰ ৰাজনীতি।

তদুপৰি আজি কচুগাঁও বনাঞ্চলৰ মূল্যবান শাল গছ কাটি এবছু আৰু এন ডি এফয়ে ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰাৰ যি গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে তাৰ প্ৰত্যুত্তৰ দিয়ে আজি ইউ জি ব্ৰহ্মই কয় যে আগন্তুক লোকসভা নিৰ্বাচনত বি পি এফ দলৰ মনোনীত প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ পৰাজয় নিশ্চিত।

যাৰ বাবে হাগ্ৰামা মহিলাৰীয়ে এতিয়া কিছুমান ভিত্তিহীন মন্তব্য প্ৰকাশ কৰিছে। হাগ্ৰামা মহিলাৰী শাসনত কোনোবাই গছ কাটিলে এওঁ নিজে জগৰীয়া।কিয়নো বি টি চিৰ শাসনত আছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধিন বি পি এফ দল নিজে।গতিকে বনাঞ্চল ৰক্ষা কৰাৰ দায়িত্ব হাগ্ৰামাৰ।নিজ দলীয় প্ৰাৰ্থীৰ পৰাজয় নিশ্চিত জানি হাগ্ৰামা মহিলাৰীৰ মতিভ্ৰম ঘটিছে।যদি বন ধ্বংস হৈছে তেনে হলে সেই বন ধ্বংস বি পি এফ দলৰ লোক নাইবা বি পি এফ সমৰ্থকৰ দ্বাৰা হৈছে।কেবল বন ধ্বংসই নহয় হাগ্ৰামা মহিলাৰী সকলো ক্ষেত্ৰতে ব্যৰ্থ হৈছে বুলিও ইউ জি ব্ৰহ্মই কয়।
আজি অনুষ্ঠিত হোৱা ইউ পি পি এলৰ সভা খনত
বি পিএফ, এ আই ইউ ডি এফ আৰু আদিবাসী জনগোষ্ঠীৰ পৰা পাঁচ শতাধিক দলীয় কৰ্মী সমৰ্থকে আনুমানিক ভাবে ইউ পি পি এলত যোগদান কৰে।
Conclusion:আনফালে এম এল এ ৰাবিৰাম নাৰ্জাৰীৰ নিত্ৰিত আজি চিটিলাত ফাঁকিৰাগ্ৰাম ব্লক বিপিএফ ৰ এক নিৰ্বাচনী প্ৰচাৰ কমিটি গঠন কৰা হয়। তাৰপিছত নাৰ্জাৰী যে কৈ যে কোকৰাঝাৰ লগসভা এবেলি বিপিএফৰ হাতত উদ্ধাৰ হব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.