কোকৰাঝাৰ, 12 ফেব্ৰুৱাৰী: প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰৰ প্ৰতিগৰাকী নিৰ্বাচিত আৰু মনোনীত সদস্যক প্ৰশাসনীয় দিশত দক্ষ কৰি তোলাৰ উদ্দেশ্যে শুকুৰবাৰে বিটিআৰ বিধান পৰিষদীয় ভৱনত দিনজোৰা কাৰ্যসূচীৰে এক অৰিয়েনটেছন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অৱশ্যে উক্ত প্ৰশিক্ষণ অনুষ্ঠানত বিপিএফ দলৰ এজনো নিৰ্বাচিত প্ৰতিনিধি উপস্থিত নাথাকিল বুলি জানিব পৰা গৈছে ৷
![orientation programme organized for the newly elected member of btr](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-orientationprogram-photo-10044_12022021202233_1202f_1613141553_971.jpg)
বিটিআৰ পৰিষদীয় চৰকাৰৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত হোৱা অৰিয়েনটেছন অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝি, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° অৰূপ জ্যোতি চৌধুৰী আদিকে ধৰি কেইবাগৰাকী সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰি সংসদীয় গণতন্ত্ৰ , কাৰ্যপালিকা আৰু জনপ্ৰতিনিধিৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে ।
![orientation programme organized for the newly elected member of btr](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-orientationprogram-photo-10044_12022021202233_1202f_1613141553_148.jpg)
অনুষ্ঠানত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝিয়ে সংসদীয় সদনত অধ্যক্ষৰ ভূমিকা আৰু ক্ষমতা সন্দৰ্ভত বিশদ বাখ্যা আগবঢ়ায় । অধ্যক্ষৰ সবল ভূমিকাৰে সদন এখন সুস্থিৰ কৰি ৰাখি সদনৰ কাৰ্যক্ৰমনিকা সুচাৰুৰূপে চলাই নিব পাৰি বুলি মন্তব্য কৰি মাঝিয়ে কয় যে জনপ্ৰতিনিধি সকলে সদনৰ নিয়ম-নীতি সঠিকভাৱে জনাটো নিত্যান্তই প্ৰয়োজন ।
অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থকা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° অৰূপ জ্যোতি চৌধুৰীয়ে জনপ্ৰতিনিধিৰ ভূমিকা কেনে হোৱা উচিত সেই সন্দৰ্ভত বক্তব্য আগবঢ়ায় । সদনৰ ভিতৰে বাহিৰে এগৰাকী জনপ্ৰতিনিধিৰ ধনাত্মক ভূমিকাই সমাজ গঠনত অৰিহণা আগবঢ়ায় বুলি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গৰাকীয়ে মত প্ৰকাশ কৰে ।
উল্লেখ্য যে, অৰিয়েনটেছন অনুষ্ঠানত বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীকে ধৰি আন নিৰ্বাচিত আৰু মনোনীত সদস্যসকল উপস্থিত থকাৰ বিপৰীতে বিপিএফ দলৰ এজনো নিৰ্বাচিত প্ৰতিনিধি অৰিয়েনটেছন অনুষ্ঠানত উপস্থিত থকা পৰিলক্ষিত ন'হল ।
লগতে পঢ়ক: বিজেপিৰ প্ৰাৰ্থী হৈ পুনৰ ৰাজ্যসভালৈ মন মেলিছে বিশ্বজিৎ দৈমাৰীয়ে