কোকৰাঝাৰ, 16 আগষ্ট: কোকৰাঝাৰত অঘটন ৷ কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা সোমবাৰৰ নিশা এজন কয়দীয়ে পলায়ন কৰে । পলায়ন কৰা কয়দীগৰাকীৰ নাম প্ৰকাশ বৰ্মন ৷ কোকৰাঝাৰৰ ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত নয়াছাৰা গাঁৱৰ প্ৰকাশ বৰ্মনে নিজৰ মোমায়েকক হত্যা কৰা ঘটনাত অভিযুক্ত হৈ যোৱা 24 মাৰ্চৰ পৰা কোকৰাঝাৰ জিলা কাৰাগাৰত বন্দী হৈ আছিল ।
![Kokrajhar district jail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16-08-2023/as-01-kjr-escaped-vis-photo-10044_16082023130440_1608f_1692171280_1096.jpg)
কটকটীয়া নিৰাপত্তাৰ মাজত কোকৰাঝাৰ জিলা কাৰাগাৰত বন্দী হৈ থকা প্ৰকাশ বৰ্মন কেনেকৈ পলায়ন কৰিলে সেয়া বৰ্তমান ৰহস্যৰ বিষয় হৈ পৰিছে । উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত নয়াছাৰা চতুৰ্থ খণ্ডত যোৱা 12 মাৰ্চৰ নিশা প্ৰকাশ বৰ্মনে নিজৰ মোমায়েক খগেন বৰ্মনক (30) হত্যা কৰি মৃতদেহ ঘৰৰ গোহালীত পুতি থৈছিল বুলি অভিযোগ উত্থাপিত হৈছে ।
উক্ত হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পাছৰে পৰা প্ৰকাশ বৰ্মন পলাতক হৈ আছিল বুলি জানিবলৈ পৰা গৈছে ৷ পিছত ছালাকাটি আৰু কোকৰাঝাৰ আৰক্ষীয়ে গুৱাহাটীৰ বেলতলাত অভিযান চলাই আত্মগোপন কৰি থকা অৱস্থাত যোৱা 19 মাৰ্চত প্ৰকাশ বৰ্মনক গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰলৈ লৈ আনে ৷
প্ৰকাশ বৰ্মনৰ স্বীকাৰোক্তি তথা দেখুৱাই দিয়া অনুসৰি গোহালী ঘৰত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে খগেন বৰ্মনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
পিছত আৰক্ষীয়ে কোকৰাঝাৰ আদালতত হাজিৰ কৰোৱাৰ পিচত আদালতে প্ৰকাশ বৰ্মনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ তেতিয়াৰে পৰা প্ৰকাশ বৰ্মন কোকৰাঝাৰ জিলা কাৰাগাৰত বন্দী হৈ আছিল ৷ কিন্তু যোৱা সোমবাৰৰ নিশা ৰহস্যজনকভাৱে প্ৰকাশ বৰ্মনে কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা পলায়ন কৰে ৷
লগতে পঢ়ক: Assam police BMI test: অগ্নিপৰীক্ষা আৰম্ভ ! তিনিমাহত কিমান মেদ কমালে অসম আৰক্ষীয়ে; 35 টা স্থানত চলিছে পৰীক্ষা