কোকৰাঝাৰ,২৮ জুনঃ কোকৰাঝাৰ জিলাৰ তাৰংগুৰী সুতাৰপাৰাত নিজ গৃহতে এগৰাকী বিবাহিতা মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হয় ৷ ইতিমধ্যে উক্ত ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷
কোকৰাঝাৰ সুতাৰপাৰা গাঁৱত সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ড ৷ উল্লেখ্য যে, সুতাৰপাৰা গাঁৱৰ গাঁওবুঢ়া চন্দ্ৰকান্ত বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে, ৰাতিপুৱা পথাৰলৈ বুলি ধান ৰুবলৈ যাওতে একাংশ ৰোৱনীয়ে প্ৰথমে ঘৰৰ বাৰান্দাত মহিলা এগৰাকী উবুৰি খাই পৰি থকা প্ৰত্যক্ষ কৰে । ওচৰলৈ গৈ মুণ্ডহীন মৃতদেহ দেখি ৰোৱনীসকলে হাহাকাৰ কৰি গাঁওৱাসীক খবৰ দিয়ে ।
ততালিকে স্থানীয় ৰাইজ উপস্থিত হৈ উক্ত ঘটনাটো আৰক্ষীক অৱগত কৰিছে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাজনীৰ মৃতদেহটো ৷ উক্ত মৃতদেহটো বিমলা বসুমতাৰীৰ বুলি চিনাক্ত কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মৃত বিমলা বসুমতাৰীৰ স্বামী ছাতিৰাম বসুমতাৰীক আটক কৰিছে ৷ আনহাতে আৰক্ষীয়ে অদ্যপি বিমলা বসুমতাৰীৰ মূৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে ৷ ইতিমধ্যে হত্যাকাণ্ড সন্দৰ্ভত কেবাটাও ক্লু উদ্ধাৰ কৰা হৈছে বুলি কোৱাৰ উপৰিও অচিৰেই উক্ত ঘটনাটো সংঘটিত কৰা দুৰ্বৃত্ত ধৰা পৰিব বুলি মন্তব্য কৰিছে আৰক্ষীয়ে।
লগতে পঢ়ক- আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃতদেহ উদ্ধাৰ