ETV Bharat / state

কোকৰাঝাৰত মনোনয়ন পত্ৰ দাখিল প্ৰমিলাৰাণী ব্ৰহ্মৰ

author img

By

Published : Mar 18, 2021, 4:44 PM IST

বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে মন্ত্ৰী তথা ৩০ নং কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই । কোকৰাঝাৰ পূৱ সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া তথা জিলা উপায়ুক্ত ভাস্কৰ ফুকনৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে । সপ্তমবাৰৰ বাবেও বিধানসভা নিৰ্বাচনত জয়ী হ'ব বুলি দাবী কৰিলে সমষ্টিটোৰ বৰ্তমানৰ বিধায়িকাগৰাকীয়ে ।

কোকৰাঝাৰত মনোনয়ন পত্ৰ দাখিল প্ৰমিলা ৰাণী ব্ৰহ্মৰ

কোকৰাঝাৰ,১৮ মাৰ্চ: ৩০ নং কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিত একেৰাহে ৬ বাৰকৈ বিজয়ী হোৱা সমাজ কল্যাণ মন্ত্ৰী তথা সমষ্টিটোৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰে । কোকৰাঝাৰ এন আৰ এল পেট্ৰ'ল পাম্পৰ সমীপৰ পৰা হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ প্ৰায় ৪ কিল’মিটাৰ পথ সমদল কৰি বিপিএফৰ জ্যেষ্ঠ নেত্ৰীগৰাকী জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় ।

কোকৰাঝাৰ পূৱ সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া তথা জিলা উপায়ুক্ত ভাস্কৰ ফুকনৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে প্ৰমিলাৰাণী ব্ৰহ্মই । মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰমিলাৰাণী ব্ৰহ্মক সংগ দিয়ে বিপিএফৰ জিলা সভাপতি তথা পৰিষদৰ সদস্য দেৰহাছাৎ বসুমতাৰী, ৰাজীৱ ব্ৰহ্ম, কোকৰাঝাৰ পৌৰসভাৰ প্ৰাক্তন অধ্যক্ষ বিষ্ণু নাৰ্জাৰী আৰু সমাজকৰ্মী পৰেশ মজুমদাৰসহ বিপিএফৰ একাংশ নেতৃবৃন্দই ৷

মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত প্ৰমিলাৰাণী ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত দাবী কৰে যে, তেওঁ সপ্তমবাৰৰ বাবেও নিৰ্বাচনত জয়ী হ'ব । বিগত ৩০ বছৰে সমষ্টিটোৰ বিধায়িকা হিচাপে সেৱা আগবঢ়াই অহা নেত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ উঠিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰমিলাৰাণী ব্ৰহ্মই কয় যে, তেওঁৰ ওপৰত ৰাইজৰ আস্থা আছে আৰু এইবাৰো তেওঁ বিপুল ভোট লাভ কৰি নিৰ্বাচনত জয়লাভ কৰিব ।

ইউপিপিএল তেওঁৰ বাবে কোনো প্ৰত্যাহ্বান নহয় বুলিও মন্তব্য কৰে প্ৰমিলাৰাণী ব্ৰহ্মই । উল্লেখ্য যে, এইবাৰ প্ৰমিলাৰাণী ব্ৰহ্মৰ ভেঁটি কপাই তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা ইউপিপিএলৰ যুৱ নেতা লৰেঞ্চ ইছলাৰী ।

লগতে পঢ়ক: জিলা উপায়ুক্তৰ এখন পত্ৰক লৈ নলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.