কোকৰাঝাৰ, ৯ জুন: বি টি আৰত আঠুৱা যোগানৰ নামত নতুন দিল্লীৰ প্ৰতিষ্ঠিত ঠিকাদাৰ অশ্বিনী শৰ্মাৰ পৰা প্ৰৱঞ্চনাৰে ২৮ লাখ টকা আত্মসাৎ কৰা প্ৰৱঞ্চক ৰূপম ডেকা আৰু অনুৰৱ কলিতাক তিনি দিনৰ আৰক্ষী জিন্মাত অনাৰ পিছত ন-ন তথ্য বাহিৰলৈ আহিছে (New turn of mosquito net scam in BTR) । নলবাৰী নিবাসী তথা বিজেপি যুৱ মৰ্চাৰ নেতাৰূপে পৰিচিত প্ৰৱঞ্চক ৰূপম ডেকা আৰু অনুৰৱ কলিতাক আৰক্ষীয়ে মাৰাথন জেৰা কৰাৰ পিছত প্ৰৱঞ্চকদ্বয়ে লুকুৱাই ৰখা প্ৰায় পাঁচ হাজাৰখন আঠুৱা কালি নিশা বাক্সা জিলাৰ বৰমাৰ বৰঝাৰ এলেকাৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে জব্দ কৰে (Kokrajhar police seized five thousand mosquito net) ।

উল্লেখ্য যে, বিটিআৰত ৮০ হাজাৰখন আঠুৱা যোগান ধৰিব লাগে বুলি ৭ কোটি টকাৰ ভূৱা অৰ্ডাৰ কপি উলিয়াই প্ৰৱঞ্চক ৰূপম ডেকা আৰু অনুৰৱ কলিতাই নতুন দিল্লীৰ প্ৰতিষ্ঠিত ঠিকাদাৰ অশ্বিনী শৰ্মাক পতিয়ন নিয়াইছিল । সেইমৰ্মে ঠিকাৰ কামটো তেওঁৰ নামত অৰ্থাৎ অশ্বিনী শৰ্মাৰ নামত কৰি দিয়াৰ বাবদ প্ৰৱঞ্চকদ্বয়ে কমিচন বিচাৰে । অশ্বিনী শৰ্মাই প্ৰৱঞ্চকদ্বয়ক বিশ্বাস কৰি ৰূপম ডেকাক কমিচন হিচাপে ২৮ লাখ টকা আদায় দিয়ে । ইয়াৰোপৰি ২০ হাজাৰখন আঠুৱাও নতুন দিল্লীৰ পৰা প্ৰেৰণ কৰে । উক্ত সমুহ আঠুৱাও প্ৰৱঞ্চকদ্বয়ে নিজৰ জিন্মাত লৈ বৰমাৰ কেবাঠাইত লুকুৱাই ৰাখে ।
ইফালে ঠিকাদাৰ অশ্বিনী শৰ্মাই প্ৰথম কিস্তিৰ ধন উলিওৱাৰ বাবে বিটিআৰত বিল জমা দিয়াত জোলোঙাৰ মেকুৰী ওলাই পৰে আৰু সেয়া যে সম্পূৰ্ণ ভূৱা সেয়া পতিয়ন যায় । ইয়াৰ পিছতেই ঠিকাদাৰ অশ্বিনী শৰ্মাই ২৮ লাখ টকা আত্মসাৎ কৰা প্ৰৱঞ্চক ৰূপম ডেকা আৰু অনুৰৱ কলিতাৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত এক গোচৰ (নং ২৬৩/২০২২) ৰজু কৰে । কোকৰাঝাৰ আৰক্ষীয়ে গোচৰ অনুসৰি তদন্ত চলাই প্ৰৱঞ্চক ৰূপম ডেকা আৰু অনুৰৱ কলিতাক গ্ৰেপ্তাৰ কৰে (Police arrested Rupam Deka-Anurab Kalita) ।

তাৰপিছত আদালতত হাজিৰ কৰাই তিনিদিনৰ আৰক্ষী জিন্মালৈ আনি মাৰাথন জেৰা কৰি কালি বৰমাৰ বৰঝাৰ এলেকাৰ পৰা প্ৰৱঞ্চকদ্বয়ে লুকুৱাই ৰখা প্ৰায় পাঁচহাজাৰখন আঠুৱা জব্দ কৰে ৷ বাকী ১৫ হাজাৰ আঠুৱাৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই আছে । উক্ত প্ৰৱঞ্চনাৰ সৈতে আন কেবাজনো জড়িত থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে যদিও তদন্তৰ খাতিৰত নাম প্ৰকাশ কৰা নাই । উল্লেখ্য যে ধৃত প্ৰৱঞ্চক দুজন বিজেপি যুৱ মৰ্চাৰ নেতা বুলি জানিব পৰা গৈছে (Arrested BJYM leaders) ।
লগতে পঢ়ক: প্ৰথমবাৰলৈ তিনি পাহাৰীয়া জিলাই পালে মহিলা মন্ত্ৰীঃ জিলা এখন, মন্ত্ৰী দুজন