কোকৰাঝাৰ,22 নৱেম্বৰঃ কোকৰাঝাৰত বড়ো লোকগীতৰ চিডি উন্মোচন কৰিলে হাগ্ৰামা মহিলাৰীয়ে ৷ লোকসংগীত শিল্পী আনেয়া ব্ৰহ্মৰ কণ্ঠত বড়ো লোকগীতক আধুনিকতাৰ পৰশেৰে নতুন ৰূপ দিয়াৰ চেষ্টা ৷ আনেয়া ব্ৰহ্মৰ "গৌদৌনি ৰৈছুমই" শীৰ্ষক গীতৰ চিডি উন্মোচন কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ কোকৰাঝাৰ চহৰৰ গৌৰাং ভেলি হোটেলত আনুষ্ঠানিকভাৱে এই চিডিখনৰ উদ্বোধন কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷
উল্লেখ্য যে, লোকসংগীতৰ এনে চৰ্চা দেখি যথেষ্ট উৎফুল্লিত হৈ পৰাৰ লগতে সংগীত শিল্পীগৰাকীক এনে পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
লগতে চাওকঃটিম আমিষৰ মুখেৰে শুনক ব্যতিক্ৰমধৰ্মী ছবি আমিষৰ বিষয়ে