কোকৰাঝাৰ,২২ মাৰ্চ: হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল আৰু হাগ্ৰামা সমৰ্থিত মহাজোঁট বন্ধনৰ বিৰোধিতা কৰিব সদৌ উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুই ৷ সোমবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে সদৰী কৰে এই কথা ৷ সংবাদমেল সম্বোধন কৰি নেমছুৰ সভাপতি গৰাকীয়ে কয়, বিটিআৰত বিপিএফৰ শাসন কালতেই সংখ্যালঘুসকল বেছিকৈ হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷ গোষ্ঠী সংঘৰ্ষকে ধৰি বিপিএফৰ শাসন কালতে যুৱ ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদক কোকৰাঝাৰ চহৰৰ মাজ মজিয়াতে হত্যা কৰা হ'ল ৷ কিন্তু আজিলৈকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ৷
উল্লেখ্য যে, ঈদৰ সময়ত টুপী পিন্ধা, ৰোজাৰ সময়ত ইফটাৰত অংশগ্ৰহণ কৰিলেই সংখ্যালঘুৰ উন্নয়ন নহয় বুলি উল্লেখ কৰি কেন্দ্ৰীয় সভাপতি ইছলামে কয়, বিধানসভা নিৰ্বাচনত বিটিআৰ অঞ্চলত নেমছুই বিপিএফৰ বিৰোধিতা কৰি সংখ্যালঘু অধ্যুষিত ঠাইত হাগ্ৰামা তথা বিপিএফক বৰ্জন কৰা হ'ব ৷ বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ক’লা পতাকা প্ৰদৰ্শন কৰিব ছাত্ৰ সংগঠনটোৱে ৷