ETV Bharat / state

সুদীৰ্ঘ 25 বছৰৰ পাচত স্ব-গৃহত উপস্থিত এম বাথা

author img

By

Published : Feb 9, 2020, 1:22 PM IST

স্ব-গৃহত উপস্থিত হ'ল এম বাথা ৷ এক আৱেগিক পৰিৱেশত সাক্ষাৎ কৰে নিজ পৰিয়ালক ৷

সুদীৰ্ঘ 25 বছৰৰ অন্তত
স্ব-গৃহত উপস্থিত এম বাথা

কোকৰাঝাৰ, 9 ফেব্ৰুৱাৰী : এনডিএফবি (এছ) ৰ নেতা এম বাথাই দেওবাৰে 25 বছৰৰ অন্তত নিজ পৰিয়ালক সাক্ষাৎ কৰে ৷ নিজ গাঁৱত উপস্থিত হোৱাৰ লগে লগে বেণ্ড পাৰ্টি, নৃত্য-গীতেৰে গঞাই তেওঁক আদৰণি জনায় ৷ দাওলাবাৰী গাঁৱত জন্মগ্ৰহণ কৰা এম বাথাৰ উপস্থিতিত গাঁৱৰ প্ৰতিজন লোক আৱেগিক হৈ পৰাৰ লগতে এক উছৱমুখৰ পৰিৱেশৰো সৃষ্টি হয় ৷ মুকলি আকাশৰ তললৈ ওলাই অহা এনডিএফবি নেতাগৰাকী নিজ বাসগৃহত উপস্থিত হোৱাত সমগ্ৰ ৰাইজৰ মাজত আনন্দ পৰিলক্ষিত হয় ৷

সুদীৰ্ঘ 25 বছৰৰ অন্তত
স্ব-গৃহত উপস্থিত এম বাথা

বাথাৰ উপস্থিতিৰ লগে লগে পত্নী,ভাতৃ-ভগ্নী আৰু অন্যান্য আত্মীয়সকল কান্দোনত ভাঙি পৰে ৷ মাৰণাস্ত্ৰ হাতত তুলি লৈ সংগ্ৰামত অংশগ্ৰহণ কৰা এই নেতাসকলে কিছুদিনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ সৈতে স্বাক্ষৰিত হোৱা বিচিআৰ চুক্তিৰ পাচতে নিজ জন্ম ভূমিলৈ উভতি আহে ৷

স্ব-গৃহত উপস্থিত এম বাথা

আৰু পঢ়ক : দেওবাৰে কেৰেলাৰ বানপীড়িত লোকৰ বাবে নিৰ্মিত 121 টা ঘৰৰ চাবি অৰ্পণ কৰিব ইনাডু-ৰামোজী গোটে

Intro:এনডিএফবি (এছ)ৰ নেতা এম বাথাৰ আজি 25 বছৰ পিছত পৰিয়ালক সাক্ষাৎ।l
বেণ্ড পাৰ্টি, নৃত্যৰে দৰাৰ দৰে আদৰিলে গঞাই।।

বড়োভূমি অস্ত্ৰ শস্ত্ৰ ঝনঝনি চিৰবিদাই ডি 7 ফেব্ৰুৱাৰীত জাংখ্ৰীথাই পথাৰত বিটিআৰ চুক্তিৰ আদৰণীৰে জৰ্ণ কীৰ্ণ সভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শান্তি বাৰ্তাৰ পাছতে একালত কাণ্ডত একেছিৰিজৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰ তুলি লৈ সংগ্ৰামত লিপ্ত হোৱাৰ পিছত সৌ সিদিনা বিটিআৰ চুক্তিৰে মূলখুটিলৈ উভতি অহা এনডিএফবি চৰাইগৌৰা নেতা সকলক জননেতা দৰে আদৰি লয় জন্মভূমিৰ গঞা ৰাইজে।

Body:উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ দাওলাবাৰী নামৰ গাওঁত নিজৰ শ্ব পৰিয়াল, আত্মীয় শ্বজনক আৰু গাঁওবাসীক এৰি 25 বছৰ ধৰি অশস্ত্ৰ এনডিএফবিৰ অন্যতম দুৰ্দৰখ নেতা তথা এম বাথাক আজি জননেতাৰদৰে বিপুল আদৰণি জনাই জন্মভূমিৰ গঞা ৰাইজ আৰু বিভিন্ন দল সংগঠনে।
দাওলাবাৰী গাওঁত জন্ম গ্ৰহণ কৰা এম বাথা আজি 25 বছৰ ধৰি পৰিয়াল পৰা বিচ্ছিন্ন হৈ আছিল। আজি সতীৰ্থ এনডিএফবি (এছ)ৰ সভাপতি সম্পাদক ক্ৰমে বি চাওঁৰাইগৌৰ বিআৰ ফেৰেংগা , জি বিদায় , এম বাথাকলৈ দলে বলে পৰিয়াল সাক্ষাৎ কৰাত কান্দোন ভাগি পৰে পত্নী ভগ্নী আৰু ভাতৃ আৰু আত্মীয় সকল আৰু সমগ্ৰহ গাওঁত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে এন ডি এফ বি শীৰ্ষ নেতা সকলক থলুৱা লোকবাদ্য বজাই আৰু দৰা আদৰা পৰম্পৰাগত নীতি নিয়মেৰে মঞ্চলৈ আদৰা পৰম্পৰাগত নীতিমেৰে ঘৰলৈ আদৰি নিজ ঘৰত প্ৰৱেশ কৰোৱা হয়।

Conclusion:মুকলি আকাশৰ তলত ওলাই অহা এনডিএফবি নেতায়ে বিটিআৰ চুক্তিকলৈ আশাবাদী আৰু অশস্ত্ৰ সংগ্ৰামৰ পৰা মুকলিকৈ ৰাইজ্যৰ কাষ চপাত আনন্দৰ ভাষা নাই বুলি এয়া নতুন যাত্ৰা বুলি প্ৰকাশ কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.