ETV Bharat / state

শিক্ষক গৌতম দেৱ শৰ্মালৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা

author img

By

Published : Aug 22, 2020, 6:17 PM IST

কেন্দ্ৰীয় চৰকাৰে দেশৰ ৪৭ গৰাকী শিক্ষকক প্ৰদান কৰিব ২০২০ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা ৷ তাৰে ভিতৰত স্থান লাভ কৰিছে কোকৰাঝাৰ চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গৌতম দেৱ শৰ্মাই ৷

National Teachers Awards 2020 For Gautam Deva Sarmah
শিক্ষক গৌতম দেৱ শৰ্মালৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা

কোকৰাঝাৰ, ২২আগষ্টঃ ভাৰত চৰকাৰৰ শিক্ষা আৰু সাহিত্য মন্ত্ৰালয়ে প্ৰদান কৰিছে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা- ২০২০ ৷ এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰ চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গৌতম দেৱ শৰ্মাই ৷ তেখেতৰ ঘৰ হ'ল চিৰাং জিলাৰ বাসুগাঁৱত ৷

উল্লেখ্য যে, এইবেলি ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাৰ বাবে সমগ্ৰ দেশৰ ৩৬ খন ৰাজ্য আৰু ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা মাত্ৰ ৪৭ গৰাকী শিক্ষকক ভাৰত চৰকাৰৰ শিক্ষা আৰু সাহিত্য মন্ত্ৰালয়ে এই বঁটা প্ৰদান কৰিব । তাৰে ভিতৰত অসমৰ পৰা একমাত্ৰ শিক্ষক গৌতম দেৱ শৰ্মাই ভাৰত চৰকাৰৰ শিক্ষা আৰু সাহিত্য মন্ত্ৰালয়ে প্ৰদান কৰা ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে শিক্ষক গৌতম দেৱ শৰ্মাই এই বঁটা লাভ কৰি অসম তথা বিটিএডি লৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে শিক্ষক গৌতম দেৱ শৰ্মাই ৷ অহা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ দিনা ৰাষ্ট্ৰপতিয়ে এই বঁটা দিল্লীত প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক-ৰাষ্ট্ৰীয় সন্মানেৰে পুৰস্কিত খুমটাইৰ কৃষক পল্লৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.