ETV Bharat / state

ঘৰ শত্ৰু বিভীষণৰ দৰে বিপিএফৰ মানুহে আমাক তথ্য যোগান ধৰেঃ নৱ কুমাৰ শৰণীয়া

author img

By

Published : May 4, 2020, 7:26 PM IST

উল্লেখ্য যে, বিপিএফৰ একাংশ নেতাই এতিয়া গণ সুৰক্ষা পাৰ্টিক তথ্যৰ যোগান ধৰি আছে বুলি বিস্ফোৰক মন্তব্য কৰে নৱ কুমাৰ শৰণীয়াই ৷ লংকা যেনেকৈ চাৰখাৰ হৈছিল বিভীষণৰ বাবে ঠিক তেনেদৰে আমাৰ এতিয়া যথেষ্ঠ সুবিধা হৈছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ।

নৱ কুমাৰ শৰণীয়া
নৱ কুমাৰ শৰণীয়া

কোকৰাঝাৰ, 4 মেঃ বিটিচিত ৰাজ্যপাল শাসনক লৈ একাংশ নেতৃত্বই বিৰোধিতা কৰি থকাৰ সময়তে সোমবাৰে বিটিচি সচিবালয়ত উপস্থিত হৈ বিটিচিৰ নৱনিযুক্ত প্ৰশাসক ৰাজেশ প্ৰসাদক সাক্ষাৎ কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ পৰৱৰ্তী সময়ত জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰি জিলা উপায়ুক্তৰ সৈতে COVID 19 আৰু নিৰ্বাচন সম্পৰ্কীয় বিষয় আলোচনা কৰে সাংসদগৰাকীয়ে ।

নৱ কুমাৰ শৰণীয়া

জিলা উপায়ুক্তৰ সৈতে অনুষ্ঠিত হোৱা আলোচনাৰ অন্তত কোকৰাঝাৰ সমষ্টিৰ সাংসদগৰাকীয়ে সংবাদমাধ্যমৰ আগত জনাই যে, ছেপ্টেম্বৰ-অক্টোবৰ মাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'লে সকলোৰে বাবে মংগলজনক হ'ব । ৰাজ্যপাল শাসন প্ৰৱৰ্তনৰ বিৰোধিতা কৰি বিপিএফৰ জেষ্ঠ নেতাসকলে অসাংবিধানিক শব্দ, মন্তব্য প্ৰয়োগ কৰাটো মুঠেও সমীচিন হোৱা নাই বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে বিপিএফৰ দূৰ্নীতিৰ কথাও সদৰি কৰে ।

লক্​ ডাউনৰ সময়ত সাহাৰ্য সামগ্ৰী আৰু কৃষকৰ এহেজাৰ টকা অকল বিপিএফৰ সদস্যসকলে লাভ কৰাৰ অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে ৷ উল্লেখ্য যে, বিপিএফৰ একাংশ নেতাই এতিয়া গণ সুৰক্ষা পাৰ্টিক তথ্যৰ যোগান ধৰি আছে বুলি বিস্ফোৰক মন্তব্য কৰে নৱ কুমাৰ শৰণীয়াই ৷ লংকা যেনেকৈ চাৰখাৰ হৈছিল বিভীষণৰ বাবে ঠিক তেনেদৰে আমাৰ এতিয়া যথেষ্ঠ সুবিধা হৈছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.