ETV Bharat / state

বিয়লি দুই বজাৰ লগে লগে বন্ধ হৈ পৰিল কোকৰাঝাৰ চহৰ

author img

By

Published : May 5, 2021, 7:41 PM IST

নতুন ক’ভিড নীতি-নিয়ম অনুসৰি দুই বজাৰ লগে লগে বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান, হাট-বজাৰ বন্ধ হৈ পৰিল । মহামাৰী কৰ’ণাৰ সংক্ৰমণ যাতে প্ৰতিহত কৰিব পাৰে তাৰ বাবে চৰকাৰৰ নিৰ্দেশনালৈ সহাৰি জনাই দুই বজাৰ লগে লগেই চহৰখনৰ সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান, হাট-বজাৰ বন্ধ কৰিছে ব্যৱসায়ীসকলে ৷

Kokrajhar mini lockdown
বিয়লি দুই বজাৰ লগে লগে বন্ধ হৈ পৰিল কোকৰাঝাৰ চহৰ

কোকৰাঝাৰ ৫ মে': মহাৰাষ্ট্ৰ, দিল্লীৰ দৰে অসমতো কৰ’ণাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বুধবাৰৰ পৰা ৰাজ্যজুৰি দুই বজাৰ পৰা সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, হাট-বজাৰ, বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আদি বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ সেই নিৰ্দেশ অনুসৰি, বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰতো মিনি লক ডাউনৰ পূৰ্ণ প্ৰভাৱ পৰিলক্ষিত হৈছে ৷

চৰকাৰৰ নিৰ্দেশনালৈ সহাৰি জনাই দুই বজাৰ লগে লগে চহৰখনৰ সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান, হাট-বজাৰ বন্ধ কৰিছে ব্যৱসায়ীসকলে ৷ মহামাৰী কৰ’ণাৰ সংক্ৰমণ যাতে আৰু অধিক পৰিস্থতি গম্ভীৰ নহয় তালৈ লক্ষ্য ৰাখি ব্যৱসায়ী সমাজে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় বুলি মতপোষণ কৰিছে ৷ নতুন ক’ভিড নীতি-নিয়মৰ প্ৰতি সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰে ব্যৱসায়ী সমাজে ।

উল্লেখযোগ্য যে, প্ৰতিদিনে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অপ্ৰতিৰোধ্যভাৱে মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে । কৰ'ণাৰ দ্বিতীয় ঢৌৱে দেশৰ লগতে ৰাজ্যতো সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বুধবাৰৰ পৰা নতুন ক'ভিড নীতি বলৱৎ কৰিছে । নতুন ক'ভিড নীতি অনুসৰি, দিনৰ ২ বজাতে সকলো দোকান-পোহাৰ বন্ধ কৰিব লাগিব আৰু সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈকে নৈশ সান্ধ্য আইন বলৱৎ থাকিব ।

লগতে পঢ়ক: এক অনন্য পৰিৱেশত ক’ভিড ভেকচিন গ্ৰহণ ডিব্ৰুগড়বাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.